/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/c3922113-f168-4d78-b425-f82e07a8a577/School.jpg)
ডিজিটেল সংবাদ: ভেঞ্চাৰ স্কুলৰ স্বীকৃতি বাতিল কৰা চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে সৰ্বত্ৰ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সেই একে খবৰৰ বাবে লামডিঙত দীৰ্ঘদিন ধৰি শিক্ষকতাৰ সৈতে জড়িত বহু শিক্ষকৰ জীৱনলৈ অমানিশা নামি আহিল। যাৰ বাবে পানীত বৈ যোৱাৰ দৰে অৱস্থা হৈছে হাজাৰ হাজাৰ শিক্ষকৰ দীৰ্ঘদিনীয়া আন্দোলন।
হাজাৰ হাজাৰ ভেন্সাৰ স্কুলৰ শিক্ষকৰ আশাত চেঁচাপানী পৰাৰ কাৰ্যত ক্ষোভ একাংশ শিক্ষকৰ ৷ এই কাৰ্যত লামডিঙৰ শিক্ষকসকলে অৱগত কৰে যে, অত দিনে বিনা বেতনেৰে শিক্ষাদান কৰি অহাৰ পিছত এতিয়া চৰকাৰৰ এনে সিদ্ধান্তই শিক্ষক সকলক বিপাঙত পেলাইছে ৷ প্ৰায় ২৫/ ৩০ বছৰ ধৰি জীৱনৰ আধা সময় স্কুলৰ বাবে ত্যাগ কৰাৰ পাছত এই সময়ত চৰকাৰৰ এই সিদ্ধান্তই মূৰত ৰাম টাঙোন সোধাইছে বহু শিক্ষকক ৷
উল্লেখ্য যে, ভেন্সাৰ স্কুলৰ শিক্ষক সকলে বাৰম্বাৰ শিক্ষা মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীগৰাকীক এই সিদ্ধান্তটো যাতে বাতিল কৰিবৰ বাবে অনুৰোধ জনাই আহিছে ৷ ইয়াৰ পিছতো চৰকাৰে এই সিদ্ধান্ত বাতিল নকৰাত ক্ষোভ প্ৰকাশ কৰে লামডিঙৰ কেইবাজনো শিক্ষকে।
Also Read: পশ্চিম কাৰ্বি আংলঙত বন্যহস্তীৰ খাদ্যৰ বাবে বৃক্ষৰোপন কাৰ্যসূচী...