ৰে'লৱে বিভাগৰ উচ্ছেদৰ জাননীক লৈ লামডিঙত ব্যাপক প্ৰতিক্ৰিয়া

লামডিঙত ৰে'লৱে বিভাগ আৰু লামডিং পৌৰসভাৰ মাজত ভূমি কেন্দ্ৰীক বিবাদৰ মাজতেই ৰে'ল বিভাগে জাৰি কৰিছে উচ্ছেদৰ জাননী।

author-image
Asomiya Pratidin
New Update
ৰে'লৱে বিভাগৰ উচ্ছেদৰ জাননীক লৈ লামডিঙত ব্যাপক প্ৰতিক্ৰিয়া

ডিজিটেল সংবাদ, লামডিংঃ লামডিঙত ৰে'লৱে বিভাগ আৰু লামডিং পৌৰসভাৰ মাজত ভূমি কেন্দ্ৰীক বিবাদৰ মাজতেই ৰে'ল বিভাগে ৪২ টা আবাস গৃহলৈ জাৰি কৰিছে উচ্ছেদৰ জাননী। ৰে'ল বিভাগৰ উন্নয়নৰ বাবেই ৰে'লৱে ভূমিত ঘৰ সাজি থকা একাংশ এলেকা উচ্ছেদ কৰাক লৈ হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে আবাসীক লোকৰ মাজত।

Advertisment

উল্লেখ্য যে, অলপতে কেন্দ্ৰৰ ৰে'লমন্ত্ৰী তথা কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চল উন্নয়নৰ বাবে কেইবাশ কোটি টকা অনুমোদন দিয়ে। তাৰে ভিতৰত লামডিং ষ্টেচনেও ৪০ কোটি টকা লাভ কৰি অত্যাধুনিক নিৰ্মানৰ কাম আৰম্ভ কৰিছে। কাম আৰম্ভ হোৱাৰ লগে লগে অনিশ্চিয়তাত ভুগিছে একাংশ লামডিঙবাসী৷ এফালে যদি উন্নয়ন আনফাল আকৌ ৰে'ল বিভাগৰ উচ্ছেদক লৈ শংকাত ভুগিছে লামডিঙৰ ৰাইজে ৷

দুৰ্গা পূজাৰ প্ৰাকমুহূৰ্তত লামডিঙত ৰে'লৱে বিভাগৰ ফালৰ পৰা উচ্ছেদৰ জাননী জাৰি কৰাত দিশহৰা হৈ পৰিছে আবাসীক লোকসকল। বিগত ৬০-৭০ বছৰ ধৰি লামডিং মিষ্ট্ৰীপট্টি অঞ্চলত বসবাস কৰি অহা লোকসকললৈও প্ৰেৰণ কৰা হৈছে এই জাননী। জানিব পৰা মতে লামডিঙ ৰে'লৱে বিভাগে মুঠ ৪২ টা ঘৰলৈ উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে ৷

ইপিনে বহু দিনৰ পৰাই লামডিঙত ৰে'লৱে বিভাগ আৰু লামডিং পৌৰসভাৰ মাজত ভূমি কেন্দ্ৰীক বিবাদ চলি আহিছে আৰু তাৰ স্থায়ী সমাধান কৰিব পৰা নাছিল কোনো এজন স্থানীয় বিধায়কে ৷ শাসনাধীস্থ চৰকাৰৰ বিধায়ক হোৱাৰ সত্ত্বেও বিফল হৈছে বিধায়ক শিবু মিশ্ৰ। আনহাতে এই সন্দৰ্ভত লামডিং টাউন মণ্ডলৰ সম্পাদক অনিমেষ মিশ্রই ৰে'ল বিভাগৰ মাটিত দীৰ্ঘদিন ধৰি বসবাস কৰা লোকসকলক যদি উচ্ছেদ কৰে তেনেহলে এক বৃহৎ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে।

মঙলবাৰে নিশা লামডিঙ বজাৰতস্থিত শ্রীমা ভৱনত লামডিঙ ৰে'লৱে বিভাগৰ ফালৰ পৰা উচ্ছেদৰ জাননী প্ৰেৰণ কৰা বিষয়টোক লৈ এখনি গুৰুত্বপূৰ্ণ সভাৰো আয়োজন কৰা হয়। উক্ত সভাত উপস্থিত থাকে লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্র, লামডিং পৌৰসভাৰ পৌৰমাতা স্বস্তিকা ৰাউত, লামডিং বিজেপি টাউন মণ্ডলৰ সম্পাদকৰ লগতে বিজেপি দলৰ বহুতো নেতা-কৰ্মী। তদুপৰি উক্ত সভাত লামডিং নাগৰিক সুৰক্ষা সমিতিৰ সচেতন ৰাইজৰ লগতে সকলো ৰাজনৈতিক দলৰ ব্যক্তি সকলো উপস্থিত থাকে৷

Also Read: প্ৰসংগ-মহিলা সংৰক্ষণ বিধেয়কঃ ছোনিয়া গান্ধীয়ে সংসদ উত্তাল কৰাৰ সম্ভাৱনা

indian railway Lumding railway junction