প্ৰসংগ-মহিলা সংৰক্ষণ বিধেয়কঃ ছোনিয়া গান্ধীয়ে সংসদ উত্তাল কৰাৰ সম্ভাৱনা

প্ৰসংগ-মহিলা সংৰক্ষণ বিধেয়কঃ ছোনিয়া গান্ধীয়ে সংসদ উত্তাল কৰাৰ সম্ভাৱনা

ডিজিটেল ডেস্কঃ বুধবাৰে সদনত পুনৰ উত্থাপিত হ'ব মহিলা সংৰক্ষণ বিধেয়ক। কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীৰ নেতৃত্বত মহিলা সংৰক্ষণ বিধেয়ক সন্দৰ্ভত লোকসভাত অনুষ্ঠিত হ'ব বাক-বিৰ্তকৰ। উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে মঙলবাৰে নাৰী শক্তি বন্দন অধিনিয়ম প্ৰৱৰ্তন কৰি লোকসভা আৰু ৰাজ্যিক বিধানসভাত মহিলাসকলৰ বাবে ৩৩% আসন সংৰক্ষণৰ প্ৰস্তাৱ অনুমোদন জনাইছিল।

ইয়াৰ পূৰ্বে মনমোহন সিঙৰ নেতৃত্বত ইউপিএ চৰকাৰে ২০০৮ চনত ৰাজ্যসভাত মহিলা সংৰক্ষণ বিধেয়ক উত্থাপন কৰি ২০১০ চনত গৃহীত কৰিছিল। আৰু বৰ্তমান ২০১৪ আৰু ২০১৯ৰ লোকসভা নিৰ্বাচনীৰ প্ৰতিশ্ৰুতি মৰ্মে বিজেপি চৰকাৰে বিধেয়কখন লোকসভাতো গৃহীত কৰিবলৈ অনুমোদন জনায়।

এই বিধেয়কখনৰ সন্দৰ্ভত বুধবাৰে পুৱা ১১ বজাত সদনৰ মজিয়াত আলোচনাৰ বাবে অনুষ্ঠিত হ'ব বিশেষ বৈঠক। উল্লেখ্য যে, বিজেপিৰ হৈ এই তৰ্কত ভাগ ল'ব লগীয়া বক্তাসকলৰ তালিকাত আছে নিৰ্মলা সীতাৰমণ, স্মৃতি ইৰাণী, ভাৰতী পাৱাৰ, অপৰাজিত সাৰংগী, সুনীতা দুগ্গল আৰু দিয়া কুমাৰীৰ নাম। ইপিনে বিৰোধীয়ে বিধেয়কখনক 'নিৰ্বাচনী জুমলা' বুলি অভিহিত কৰাৰ লগতে অ'বিচি সংৰক্ষণ আৰু ৰূপায়ণৰ সময়সীমাৰ অভাৱৰ ওপৰত ইতিমধ্যেই প্ৰশ্ন উত্থাপন কৰিছে।

প্ৰসংগ-মহিলা সংৰক্ষণ বিধেয়কঃ ছোনিয়া গান্ধীয়ে সংসদ উত্তাল কৰাৰ সম্ভাৱনা
আজি ছহীদ দিৱসঃ ভাৰত ত্যাগ আন্দোলনত ছহীদ অসমীয়া সেননীক সোঁৱৰণ

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in