
ডিজিটেল সংবাদ লামডিংঃ লামডিং চৰকাৰী চিকিৎসালয়ত ৰোগীক বিশেষকৈ গৰ্ভৱতী মহিলাক এক প্ৰকাৰ পণবন্দী কৰি একাংশ চিকিৎসকে ধন সংগ্ৰহ কৰাৰ এক অভিযোগৰ তদন্তৰ নিৰ্দেশ দিছে কেন্দ্ৰীয় চৰকাৰে৷ জানিব পৰা মতে ভাৰত চৰকাৰৰ পৰা এই গুৰুতৰ অভিযোগৰ তদন্তৰ বাবে অসম চৰকাৰলৈ অহাৰ পাছত সমগ্ৰ ঘটনাৰ তদনন্তত নামিছে মুখ্যমন্ত্ৰীৰ তদাৰকি কোষ৷
ইতিমধ্যে নগাওঁ জিলা উপাযুক্তৰ পৰা হোজাইৰ জিলা স্বাস্থ্য বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰি প্ৰতিবেদন বিচৰা হৈছে৷ যাৰ পাছতেই এক প্ৰকাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে লামডিং এফ আৰ ইউৰ ভিতৰচৰাত৷
লংকা চৰকাৰী চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডা: এছ সিঙৰ নেতৃত্বত ডা: এম হাতিমূৰীয়া, ডা: চামচুল হক, ডা: আবুল কাচিম হাজৰীকা আৰু ডা: চি কে বৰাক লৈ ৫ জনীয়া তদন্ত কমিঠি গঠন কৰি সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে দায়িত্ব দিয়া হৈছে৷ অভিযোগ মতে লামডিং চৰকাৰী চিকিৎসালয়খনত যিসকল গৰ্ভৱতী মহিলা প্ৰসৱৰ কাৰণে ভৰ্তী হয় তেওঁলোকৰ আত্মীয়ক ভয় দেখুৱাই চিজাৰিং নকৰিলে নহ'ব বুলি চিকিৎসকে আতংকিত কৰি তোলে বুলি গুৰুতৰ অভিযোগ উঠিছে৷
ভীতিগ্ৰস্থ হৈ পৰা অভিভাৱকে চিজাৰিঙৰ বাবে মান্তি হোৱাৰ পাছত আশা কৰ্মীৰে মিলি একাংশ চিকিৎসকে ৩০ হাজাৰ টকা পৰ্যন্ত আদায় কৰে৷ ৩০ হাজাৰ টকাত এখন চৰকাৰী চিকিৎসালয়ত চিজাৰিয়ান কৰাৰ অভিযোগ পোৱাৰ পাছত ঘটনাটো গুৰুত্বসহকাৰে লৈছে মুখ্যমন্ত্ৰীৰ তদাৰকি কোষে৷
ইফালে এই তদন্ত আৰম্ভ হোৱাৰ লগে লগে হাহাকাৰ লাগিছে লামডিঙৰ অভিযুক্ত চিকিৎসকসকলৰ মাজত৷ ভুক্তভোগীক মেনেজৰ চক্ৰান্তত একাংশ চিকিৎসক নামি পৰাৰো অভিযোগ উঠিছে৷
তদন্তকাৰী বিষয়াৰ আগত যাতে ভুক্তভোগীয়ে ধন দিয়াৰ কথাটো প্ৰকাশ নকৰে তাৰ বাবে ঘৰে ঘৰে গৈ ধন ঘুৰাই দি কাকুতি-মিনতি কৰা বুলিও জনা গৈছে৷ ইফালে অভিযোগকাৰীৰ নাম গোপনে ৰাখিছে মুখ্যমন্ত্ৰীৰ তদাৰকি কোষে৷
আনহাতে একাংশ চিকিৎসকৰ বিৰুদ্ধে এই অভিযোগ উঠাৰ পাছত একপ্ৰকাৰ ৰোগীৰ প্ৰতি প্ৰতিশোধ পৰায়ন হৈ পৰিছে চিকিৎসালয়খনৰ একাংশ চিকিৎসক৷ গৰ্ভৱতী ৰোগী ভৰ্তী হলেই তেওঁলোকে কোনো চিকিৎসা প্ৰদান নকৰি ডিফু মেডিকেল কলেজলৈ ৰেফাৰ কৰি দিয়া বুলি সচেতন মহলে অভিযোগ কৰিছে৷
ৰোগীৰ পৰা ধন সংগ্ৰহ কৰা এইসকল চিকিৎসকে চিকিৎসালয়খনত সৃষ্টি কৰা অৰাজকতাক লৈ চিন্তিত হৈ পৰিছে সচেতন মহল৷ ইফালে হোজাই স্বাস্থ্যবিভাগৰ ভাৰপ্ৰাপ্ত যুটীয়া সঞ্চালক জেৰিনা আহমেদে সাংবাদিকক জনোৱা মতে তদন্তৰ আওতাত সকলো চিকিৎসক, কৰ্মচাৰী, আনকি চিকিৎসালয়খনৰ ইনচাৰ্জকো অনা হ'ব৷