লামডিঙত তৎপৰ আবকাৰী বিভাগ: মোনাই মোনাই জব্দ দেশী-বিদেশী সুৰা...

অবৈধ সুৰাৰ দোকানত অভিযান চলাই দেশী-বিদেশী সুৰা জব্দ লামডিং আৰক্ষীৰ...

author-image
Asomiya Pratidin
New Update
লামডিঙত তৎপৰ আবকাৰী বিভাগ: মোনাই মোনাই জব্দ দেশী-বিদেশী সুৰা...

ডিজিটেল সংবাদ, লামডিং : হঠাৎ এক্সনত নামিল লামডিঙৰ আবকাৰী বিভাগ৷ লামডিঙত প্ৰান্তে প্ৰান্তে অবৈধ ভাবে গঢ়ি উঠিছে সুৰাৰ ৰমৰমীয়া ব্যৱসায়৷ সেয়েহে দেশী বিদেশী সুৰাৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে লামডিঙৰ আবকাৰী বিভাগ ৷

Advertisment

অবৈধভাৱে গঢ়ি উঠা সুৰাৰ ব্যৱসায় ৰোধ কৰিবলৈ আবকাৰী বিভাগে জোৰদাৰ অভিযান চলোৱা পৰিলক্ষিত হৈছে ৷ হোজাই মহকুমা আবকাৰী বিভাগৰ উপাধক্ষ্য গোল প্ৰসাদ দাসৰ নেতৃত্বত হোজাই লংকা আৰু লামডিং আবকাৰী বিভাগে যৌথভাৱে লামডিঙৰ বিভিন্ন অঞ্চল ক্ৰমে অফিচাৰ কলনী, ডি ঘুমটি, ক্ৰচিং গেট আৰু ইটাভাটা চাৰিআলিত অভিযান চলাই৷

অভিযানকালত ৩৩০ লিটাৰ চুলাই মদ নষ্ট কৰাৰ লগতে বৃহৎ পৰিমাণৰ বিদেশী সুৰা জব্দ কৰে ৷ ইয়াৰোপৰি অবৈধভাবে দেশী বিদেশী সুৰা বিক্ৰী কৰা ঘাটিবোৰো উৎখাত কৰে আবকাৰী বিভাগে। আনফালে আৰক্ষীয়ে অবৈধ ভাবে সুৰা বিক্ৰী কৰি পৰিৱেশ নষ্ট নকৰিবলৈ সকীয়াই দিয়ে ব্যৱসায়সকলক ৷

অন্যথা অবৈধ সুৰা বিক্ৰী কৰা ব্যৱসায়সকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আবকাৰী বিভাগে ৷ লগতে বিভাগটোয়ে অৱগত কৰে যে, লামডিঙত প্ৰতিদিনেই অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব ৷ এই ক্ষেত্ৰত পূবৰ্তকৈও দুগুণ কঠোৰ হ'ব লামডিং আৰক্ষী।

Also Read: মহাৰাষ্ট্ৰৰ ৪টাকৈ মন্দিৰত আৰম্ভ কৰা হ'ল 'ড্ৰেছ কোড'

lumding