/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/b3edf9b3-01b0-451e-bb3d-7891fd0b8c2f/Lumding.jpg)
ডিজিটেল সংবাদ, লামডিংঃ নিত্য ব্যৱহাৰ সামগ্ৰীৰ উপৰিও ঔষধ, ৰন্ধন গেছ, পেট্ৰ'ল, ডিজেল আদি কৰি শিশু খাদ্যৰ মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজক জ্বলা-কলা খোৱাৰ লগতে জি এছ টিৰ কৰও জাপি দিয়া হৈছে সাধাৰণ ৰাইজৰ ওপৰত ৷ সেয়েহে লামডিং পৌৰ ব্লক কংগ্ৰেছৰ কৰ্মীসকলে হাতে-হাতে বেনাৰ-পোষ্টাৰ লৈ মূল্যবৃদ্ধিৰ প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদকাৰীসকলে পেট্ৰ'ল, ডিজেল, ঔষধ আৰু ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰক, বিজেপী চৰকাৰ মূৰ্দাবাদ, নৰেন্দ্ৰ মোডীৰ তানাছাহী নেহী চলেগী আদি বিভিন্ন শ্লোগানৰে লামডিং কালিবাড়ীৰ ব্লক কংগ্ৰেছৰ চৌহদ উত্তাল কৰি তোলে। প্ৰতিবাদৰ পিছত লামডিং ব্লক কংগ্ৰেছ সদস্যসকলে এখন স্মাৰক পত্ৰ হোজাই জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰে।
আনফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ মন্তব্যক বিৰূপ ৰূপ দেখাই তেওঁক দোষাৰোপ কৰাৰ চেষ্টা চলাইছে বুলি দাবী কৰে প্ৰতিবাদকাৰীয়ে ৷ লগতে দেশ কঁপোৱা মণিপুৰৰ ঘটনাক লৈও প্ৰতিক্ৰিয়া ব্যক্ত কৰি মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ দাবী কৰিছে বিৰোধী দলটোৱে।
Also Read: অসম ধান গৱেষণা প্ৰতিষ্ঠান ও গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বুজাবুজি চুক্তি...