অসম ধান গৱেষণা প্ৰতিষ্ঠান ও গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বুজাবুজি চুক্তি...

অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত অসম ধান গৱেষণা প্ৰতিষ্ঠানৰে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বুজাবুজি চুক্তি স্বাক্ষৰ...
অসম ধান গৱেষণা প্ৰতিষ্ঠান ও গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বুজাবুজি চুক্তি...
Published on
Updated on

ডিজিটেল সংবাদ, যোৰহাটঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত অসম ধান গৱেষণা প্ৰতিষ্ঠানে শুকুৰবাৰে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ সৈতে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালকৰ সভাগৃহত আয়োজিত এক অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড০ মৃণাল শইকীয়া আৰু গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক প্ৰফেছৰ দীপাংকৰ সাহাই এই চুক্তিত স্বাক্ষৰ কৰে।

অসম ধান গৱেষণা প্ৰতিষ্ঠানৰ মুখ্য বিজ্ঞানী ড০ সঞ্জয় কুমাৰ চেতিয়াই আদৰণি বক্তব্য আগবঢ়োৱা অনুষ্ঠানটোত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকাই এই চুক্তিৰ জৰিয়তে বিশ্ববিদ্যালয় দুখনৰ মাজত পাৰস্পৰিক সহযোগিতাৰ জৰিয়তে ধানখেতিৰ দিশত তথ্য-প্ৰযুক্তিৰ প্ৰভাৱ আৰু ইয়াৰ শেহতীয়া ধাৰাৰ সম্প্ৰসাৰণৰ দিশত সহায়ক হ'ব বুলি আশা ব্যক্ত কৰে।

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ কন্দৰ্প দাসে এই বুজাবুজি চুক্তিৰ জৰিয়তে অসম কৃষি বিশ্ববিদ্যালয়ৰ সৈতে যৌথ বৈজ্ঞানিক সহযোগিতামূলক গৱেষণা, দুয়োটা প্ৰতিষ্ঠানৰ মাজত বৈজ্ঞানিক প্ৰযুক্তি, প্ৰকাশন আৰু শৈক্ষিক দিশত আদান-প্ৰদান কৰি উপকৃত হ'ব পৰা যাব বুলি প্ৰকাশ কৰে।

অসম ধান গৱেষণা প্ৰতিষ্ঠান ও গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বুজাবুজি চুক্তি...
মানকাচৰত AIUDFৰ যোগদান কাৰ্যসূচীঃ বিজেপিক নহয় কংগ্ৰেছক সমালেচনা দলীয় নেতাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in