লামডিং অসামৰিক চিকিৎসালয়ত অঘটনঃ ৰোগীৰ স্বাস্থ্যক লৈ হেতালি খেলাৰ অভিযোগ

লামডিং অসামৰিক চিকিৎসালয়ত অঘটনঃ ৰোগীৰ স্বাস্থ্যক লৈ হেতালি খেলাৰ অভিযোগ

ডিজিটেল সংবাদ, লামডিংঃ লামডিং অসামৰিক চিকিৎসালয়ত ৰোগীৰ স্বাস্থ্যক লৈ হেতালি খেলাৰ অভিযোগ। চিকিৎসালয়খনত নৱজাতকৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হয় চাঞ্চল্যৰ। চিকিৎসকৰ ভুলৰ বাবেই নৱজাতকে মৃত্যুক আঁকোৱালি লোৱাৰ অভিযোগ ভুক্তভোগীৰ।

জানিব পৰা মতে লামডিং ঝুলন পুলৰ নিবাসী ঝুমা দে নামৰ প্ৰসূতিগৰাকীক পৰিয়ালৰ লোকে উক্ত চিকিৎসালয়খনত ভৰ্তি কৰাইছিল। পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি চিকিৎসালয়খনৰ জ্যেষ্ঠ চিকিৎসক মৌচুমী ভট্টাচাৰ্যৰ চৰম গাফিলতিৰ বাবে প্ৰসূতিগৰাকীয়ে জন্ম দিয়া নৱজাতকটিৰ মৃত্যু হয়।

উল্লেখ্য যে, যোৱা ন-মাহ ধৰি চিকিৎসক মৌচুমী ভট্টাচাৰ্যৰ তত্ত্বাৱধানত চিকিৎসাধীন হৈ আছিল ভুক্তভোগী প্ৰসূতিগৰাকী। কিন্তু যোৱা নিশা প্ৰসূতিগৰাকীক ভৰ্তি কৰোৱাৰ পিছত নিশা প্ৰসৱ যন্ত্ৰণাত থকা পিছতো চিকিৎসালয়লৈ নাহিল অভিযুক্ত চিকিৎসকগৰাকী। যাৰ ফলত চিকিৎসকৰ অবিহনেই নাৰ্ছ আৰু এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মীয়ে ভুক্তভোগী মহিলাগৰাকীৰ প্ৰসৱ কৰাই আৰু জন্ম হৈয়ে নৱজাতকটিৰ মৃত্যু ঘটে।

আনহাতে বৰ্তমান ভুক্তভোগী মাতৃ ঝুমা দে'ৰ স্বাস্থ্যৰ অৱনতি ঘটিছে। এই সন্দৰ্ভত ভুক্তভোগী পৰিয়ালে ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা স্থানীয় বিধায়ক শিবু মিশ্ৰৰ লগতে হোজাই জিলাৰ স্বাস্থ্য বিভাগৰ মুখ্য সঞ্চালকক ঘটনাত হস্তক্ষেপ বিচাৰিছে। ইয়াৰ পূৰ্বেও এনে ঘটনা বহুবাৰ সংঘটিত হৈছে বুলি অভিযোগ আছে চিকিৎসালয়খনৰ বিৰুদ্ধে।

লামডিং অসামৰিক চিকিৎসালয়ত অঘটনঃ ৰোগীৰ স্বাস্থ্যক লৈ হেতালি খেলাৰ অভিযোগ
গ্ৰেপ্তাৰ হ'ব পাৰে শুভলক্ষী দত্তঃ শুভলক্ষীক বিচাৰি মহানগৰীত শিৱসাগৰ আৰক্ষীৰ অভিযান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in