মৃৎশিল্পীৰ অন্তিম পৰশত সাজু বিশ্বখনিকৰ

মৃৎশিল্পীৰ অন্তিম পৰশত সাজু হৈ উঠিছে বিশ্বখনিকৰ

author-image
Asomiya Pratidin
New Update
মৃৎশিল্পীৰ অন্তিম পৰশত সাজু বিশ্বখনিকৰ

ডিজিটেল সংবাদ, লামডিংঃ বিশ্বখনিকৰ বিশ্বকৰ্মাক আৰাধনা কৰাৰ বাবে মাজত মাথো কেইটামান ঘণ্টা বাকী। সোমবাৰে হিন্দু ধৰ্মাৱলম্বীলোকে আৰাধনা কৰিব বিশ্বখনিকৰ বিশ্বকৰ্মাক ৷ বিশ্বকৰ্মা পূজাৰ প্ৰাক মুহূৰ্তত অধিক ব্যস্ত হৈ পৰিছে মৃৎশিল্পীসকল।

Advertisment

বিশ্বখনিকৰ বিশ্বকৰ্মাৰ মূৰ্তিত অন্তিম পৰশ দিয়াত ব্যস্ত লামডিঙৰ ন-পুৰণি মৃৎশিল্পসকল। বিশ্বকৰ্মা মূৰ্তিৰ লগতে বিভিন্ন সময়ত দেৱ-দেৱীৰ মূৰ্তিৰ যোগান ধৰা হয় যদিও এইবাৰ মূৰ্তি নিৰ্মাণত ব্যৱহৃত সা-সামগ্ৰী যেনে- বাঁহ, খেৰ, ৰং, মৰাপাটৰ ৰছী, আ-অলংকাৰ আদি কৰি সকলো বস্তুৰ মূল্যবৃদ্ধি হোৱাৰ বাবে লামডিঙৰ খনিকৰসকলে পূৰ্বৰ তুলনাত কমকৈ বিশ্বকৰ্মাৰ মূৰ্তি নিৰ্মাণ কৰিছে বুলি জানিব পৰা গৈছে।

মৃৎশিল্পসকলে কয় যে- এই বছৰ অধিক মূল্যবৃদ্ধিৰ প্ৰভাৱ পৰিছে বাবে বহুতো অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। যাৰ বাবে আগৰ তুলনাত এইবাৰ মূৰ্তি নিৰ্মাণৰ কাম বহু পৰিমাণে কমি গৈছে । তদুপৰি পূৰ্বৰ তুলনাত এইবাৰ মূৰ্তি প্ৰতি আগ্ৰহী হোৱা দেখা নাই গ্ৰাহকক।

Also Read: ধোঁৱা চাঙত চৰকাৰী আঁচনিঃ কৃষিমন্ত্ৰীৰ গৃহ জিলাতেই চন পৰিল হেক্টৰ হেক্টৰ ভূমিত কঠীয়া

lumding