ধোঁৱা চাঙত চৰকাৰী আঁচনিঃ কৃষিমন্ত্ৰীৰ গৃহ জিলাতেই চন পৰিল হেক্টৰ হেক্টৰ ভূমিত কঠীয়া

ধোঁৱা চাঙত চৰকাৰী আঁচনিঃ কৃষিমন্ত্ৰীৰ গৃহ জিলাতেই চন পৰিল হেক্টৰ হেক্টৰ ভূমিত কঠীয়া

ডিজিটেল সংবাদ, নুমলীগড়ঃ কৃষিমন্ত্ৰীৰ গৃহ জিলাৰ কৃষি বিভাগৰ এখন বীজ পামত উন্নত মানৰ ধানৰ কঠীয়াতলি গৰুৰ চৰণীয়া পথাৰলৈ পৰিণত। ৰাজকোষৰ ধন অপচয়ৰ কৰি চৰণীয়া পথাৰলৈ পৰিণত কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ।

উল্লেখ্য যে, গোলাঘাট জিলাৰ ফলঙনীৰ বীজ পামত লাখ লাখ টকা ব্যয় কৰি প্ৰতিবছৰে বহু হেক্টৰ ভূমিত কৃষকৰ সহায় হোৱাকৈ উন্নত মানৰ ধান বীজৰ কঠীয়া সিঁচি আহিছে। এই বৰ্ষও প্ৰায় ২০ হেক্টৰ ভূমিত উন্নত মানৰ ধান বীজৰ কঠীয়া সিঁচিছিল কৃষি বিভাগে। কিন্তু লাখ লাখ টকা ব্যয় কৰি সিঁচা কঠীয়াৰ কোনো সঠিক ব্যৱহাৰ নহ'ল।

যাৰ বাবে চন পৰি ৰ'ল কঠীয়াসমূহ। সেয়ে উন্নত মানৰ কঠীয়াতলিখন এতিয়া পৰিণত হৈছে গৰুৰ চৰণীয়া পথাৰলৈ। পৰিকল্পনাহীনভাৱে চৰকাৰী ধন অপচয়ৰ গুৰুতৰ অভিযোগ কৃষি বিভাগৰ বিৰুদ্ধে। এনেদৰে প্ৰতি বছৰে কৃষি বিভাগৰ ধন অপব্যয় কৰি গৰু-ছাগলীৰ চৰণীয়া পথাৰ কৰি অহা কাৰ্যক গৰিহণা দিছে সচেতন মহলে।

ধোঁৱা চাঙত চৰকাৰী আঁচনিঃ কৃষিমন্ত্ৰীৰ গৃহ জিলাতেই চন পৰিল হেক্টৰ হেক্টৰ ভূমিত কঠীয়া
ৱৰ্ল্ড চেম্পিয়নৰ শিৰত ডাইমণ্ড লীগৰ দ্বিতীয় শ্ৰেষ্ঠৰ খিতাপ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in