লংকাৰ আব্দুল ছামাদ হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ পত্নীসহ এজন লোক

লংকাৰ আব্দুল ছামাদ হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ পত্নীসহ এজন লোক

author-image
Asomiya Pratidin
New Update
লংকাৰ আব্দুল ছামাদ হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ পত্নীসহ এজন লোক

ডিজিটেল সংবাদ,লংকাঃ ২৬ জুনত লংকাত সংঘটিত হোৱা আব্দুল ছামাদ হত্যাকাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত জিলা আৰক্ষীয়ে মৃতকৰ পত্নী সহ এজন লোকক আটক কৰে। দিনে নিশাই স্বামীৰ অত্যাচাৰৰ বলি হোৱা বাবে তেওঁ এই ঘটনা সংঘটিত কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছে। বৃহস্পতিবাৰে দুই অভিযুক্তক লংকা আৰক্ষীয়ে শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰে।

Advertisment

উল্লেখ্য যে, ২৬ জুনৰ পুৱতি নিশা শোৱা পাটিতে হত্যা কৰিছিল আব্দুল ছামাদক। ডিঙিত চোকা অস্ত্রৰে প্ৰহাৰ কৰাৰ চিন স্পষ্ট হৈ থকা বুলি জানিব পৰা গৈছে।ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত। ইফালে আৰক্ষীয়ে তদন্তৰ খাতিৰত গ্ৰেপ্তাৰ হোৱা এজনৰ পৰিচয় প্ৰকাশ কৰা নাই।

Also Read: জামুগুৰিহাটৰ মংগলবৰীয়াত বিনামূলীয়া চিকিৎসা শিবিৰ সম্পন্ন

LANKA MURDER