জামুগুৰিহাটৰ মংগলবৰীয়াত বিনামূলীয়া চিকিৎসা শিবিৰ সম্পন্ন

জামুগুৰিহাটৰ মংগলবৰীয়াত বিনামূলীয়া চিকিৎসা শিবিৰ সম্পন্ন

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটৰ মংগলবৰীয়াত বিনামূলীয়া চিকিৎসা শিবিৰ সম্পন্ন

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ মংগলবৰীয়াৰ উত্তৰ বালিজুৰি আয়ুষ্মান আৰোগ্য মন্দিৰত বৃহস্পতিবাৰে এক বিশেষ চিকিৎসা শিবিৰ অনুষ্ঠিত হয়৷ শোণিতপুৰ জিলা স্বাস্থ্য সমিতি আৰু উত্তৰজামুগুৰি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ যুটীয়া উদ্যোগত আয়োজিত এই বিশেষ চিকিৎসা শিবিৰত অঞ্চলটোৰ পাঁচ শতাধিক ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰি নিদান পত্ৰ প্ৰদান কৰাৰ লগতে বিনামূলীয়া ঔষধ বিতৰণ কৰা হয়৷

Advertisment

ৰোগী সকলৰ স্বাস্থ্য পৰীক্ষা কৰে দন্ত চিকিৎসা বিষয়া ডা°অংশুমান শৰ্ম্মা, চকু ৰোগ চিকিৎসা বিষয়া ডা°অজয় মুখাৰ্জী,ডা° জ্যোস্না ছাটিৰ লগতে ডা° আন্দাদুল খানৰ উপৰিও উত্তৰ জামুগুৰি খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ মহকুমা চিকিৎসা ও স্বাস্থ্য বিষয়া ডা° অলিমা নাথ আৰু ৰঙাচকুৱা ৰাজ্যিক চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসা ও স্বাস্থ্য বিষয়া ডা° ৰকিবুল ইছলামে৷

ৰোগী সকলৰ চিকিৎসা সেৱা প্ৰদান কাৰ্য্যত সহযোগিতা আগবঢ়াই জিলা ভ্ৰাম্যমাণ চিকিৎসা সেৱাৰ দল আৰু সঞ্জীৱনী জিলা চিকিৎসকৰ দলে৷ চিকিৎসা শিবিৰটোত ভ্ৰাম্যমাণ পৰীক্ষাগাৰৰ জৰিয়তে ৰোগীৰ তেজ,শৌচ, প্ৰচাৱ আদিৰো পৰীক্ষা কৰা হয়৷ উক্ত বিশেষ চিকিৎসা শিবিৰটো সু পৰিচালনা কৰে মংগলবৰীয়া উপ স্বাস্থ্য কেন্দ্ৰ পৰিচালনা ও উন্নয়ন সমিতিৰ সভাপতি দিপক নেৱাৰ,সদস্য প্ৰৱীন দাস আৰু সমাজকৰ্মী ক্ষেম নেপালে৷

Also Read: চতিয়াত গৰু চোৰে নিদ্ৰা হৰিছে ৰাইজৰঃ ২ দিনত দুঘৰৰ গৰু চুৰি

jamugurihat heath camp