/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/a586ed3d-6231-4549-9011-e22699db41f3/10.jpg)
ডিজিটেল সংবাদ,লংকাঃ লংকা পৌৰসভাত চলিচে ব্যাপক দুৰ্নীতি। এই দুৰ্নীতিৰ ৰজা পৌৰনেত্ৰী আৰু উপ-পৌৰপতি বুলি অভিযোগ একাংশৰ। পৌৰসভাখনৰ দুটা বছৰৰ সাধাৰণ পুঁজিৰ কেবা কোটি টকা অনুমোদন অবিহনেই পৌৰনেত্ৰীগৰাকীয়ে যধেমধে নিজ খেয়ালখুচিমতে খৰচ কৰাৰ অভিযোগ উঠিছে।
অভিযোগ অনুসৰি নিজৰ পচণ্ডৰ মানুহক ঠিকা দি কোৰোণাৰে ধন চপাইছে পৌৰনেত্ৰী গৰাকীয়ে। বিশেষকৈ পৌৰনেত্ৰীগৰাকীৰ স্বামীয়ে পৌৰসভাখনত অনাধিকাৰ প্ৰৱেশ কৰি সমস্ত কাম-কাজ চলোৱাৰ অভিযোগ উঠিছে।
লক্ষ্যণীয় যে, একাংশ ৱাৰ্ড কমিচনাৰক সম্পূৰ্ণ এলাগী কৰি মইমতালিৰে পৌৰসভাৰ কাম-কাজ চলোৱা পৌৰনেত্ৰীগৰাকীক এই বিষয়ত প্ৰশ্ন উত্থাপন কৰিলে অশালীন ব্যৱহাৰ কৰা বুলিও জনাই একাংশই।
শেহতীয়াকৈ, এই সমগ্ৰ বিষয়ক লৈ জাঙুৰ খাই উঠিছে পৌৰসভাখনৰ ৫ ৱাৰ্ড কমিচনাৰ। পৌৰসভাখনত চলি থকা সমস্ত দুৰ্নীতিৰ তদন্ত বিচাৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ পত্ৰ প্ৰেৰণ কৰিছে। লগতে ইয়াৰ প্ৰতিলিপি হোজাই আৰু লামডিংৰ দুয়োজন বিধায়কলৈ প্ৰেৰণ কৰিছে।
Also Read: হাতীমূৰা মথাউৰিৰ গাইড বান্ধ ভাঙি কলঙেৰে প্ৰবাহিত পানী
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us