লামডিঙৰ সংৰক্ষিত ভূমিত অবৈধ খননঃ জেচিবি, ট্ৰেক্টৰসহ ৪ জনক আটক

ৰে'লৱেৰ ভূমিত অবৈধন খননেৰে দখলৰ চেষ্টা
লামডিঙৰ সংৰক্ষিত ভূমিত অবৈধ খননঃ জেচিবি, ট্ৰেক্টৰসহ ৪ জনক আটক
লামডিঙৰ সংৰক্ষিত ভূমিত অবৈধ খননঃ জেচিবি, ট্ৰেক্টৰসহ ৪ জনক আটক

ডিজিটেল সংবাদ লামডিংঃ লামডিঙত ভাৰতীয় ৰে'লৱেৰ মাটিত অবৈধ খনন। একাংশ ভূ-মাফিয়াৰ শেনচকু ৰে'লৱেৰ সংৰক্ষিত ভূমিত। ১২ মাৰ্চ, মঙ্গলবাৰে এনে দালালৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিলে আৰ পি এফ আৰু চি আই বিয়ে।

লামডিঙৰ সংৰক্ষিত ভূমিত অবৈধ খনন কৰা একাংশ ভূ-মাফিয়াক আজি এক অভিযান চলাই আটক কৰিছে আৰ পি এফ আৰু চি আই বিৰ দলে। দলটোৱে লাংডিঙৰ নিউ কলনী লেংৰা বস্তিৰ পৰা সংৰক্ষিত ভূমিৰ মাটি খনন কৰি লৈ যোৱাৰ সময়তে চাৰিজন ব্যক্তিক আটক কৰিছে।

অভিযোগ অনুসৰি মঙ্গলবাৰে পুৱাৰে পৰা সেই অঞ্চলত ৰতন দে' নামৰ এজন ব্যক্তিয়ে অবৈধভাৱে সংৰক্ষিত ভূমি খনন কৰাৰ লগতে দখলৰ বাবে চেষ্টা কৰিছিল। এই খবৰ আৰ পি এফৰ চি আই বিৰ ভাৰপ্ৰাপ্ত বিষয়া নন্দেশ্বৰ দাসে লাভ কৰাৰ পাছতে অভিযান চলাই ঘটনাস্থলীৰ পৰা ৰতন দে'সহ ৩ জন চালকক আটক কৰে।

ইয়াৰোপৰি অবৈধভাৱে মাটি খন্দাত ব্যৱহাৰ কৰা AS-01 MC5381 নম্বৰৰ এখন জেচিবিসহ দুখনকৈ ট্রেক্টৰ জব্দ কৰে CIB দলটোৱে। এই ঘটনাৰ সন্দৰ্ভত আৰু কোন কোন লোক জড়িত আছে সেই বিষয়ে তদন্ত অব্যাহত ৰাখিছে দলটোৱে।

লামডিঙৰ সংৰক্ষিত ভূমিত অবৈধ খননঃ জেচিবি, ট্ৰেক্টৰসহ ৪ জনক আটক
উচ্চতম ন্যায়ালয়ৰ কঠোৰ স্থিতিত সেও মানিলে SBIয়েঃ দাখিল কৰিলে ইলেক্ট্ৰৰেল বণ্ডৰ সবিশেষ তথ্য...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in