/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/d1bfc229-5182-4b09-a512-f343a774dda2/Hojai.jpg)
ডিজিটেল সংবাদ, মোৰাঝাৰঃ দুৰ্নীতিৰ বিৰুদ্ধে শূন্যসহনশীলতা নীতি গ্ৰহণ কৰা ৰাজ্যৰ বিজেপি চৰকাৰৰ চকু ওফৰাই হোজাই জিলাৰ কপাহবাৰী সমবায় সমিতিয়ে জুন আৰু জুলাই মাহৰ খাদ্য সুৰক্ষা আইনৰ চাউল বিতৰণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। যোৱা দুটা মাহৰ পৰা কপাহবাৰী সমবায় সমিতিয়ে নিয়মীয়া চাউল বিতৰণ নকৰাৰ অভিযোগ উত্থাপিত কৰি দেওবাৰে দুপৰীয়া কপাহবাৰী সমবায় সমিতিৰ অধীনস্থ শিৱপুৰ গাঁৱৰ প্ৰায় শতাধিক মহিলা হিতাধীকাৰীসকলে একত্ৰিত হৈ হাতে-হাতে ৰেচন কাৰ্ডলৈ প্ৰতিবাদ সাব্যস্ত কৰে।
কপাহবাৰী সমবায় সমিতিৰ সভাপতি আচাদুৰ ৰহমানৰ দুৰ্নীতি বন্ধ কৰক, চৰকাৰে যোগান ধৰা চাউল সময়মতে বিতৰণ কৰক, সুলভ মূল্যৰ দোকানীক বহিস্কাৰ কৰক, আদি শ্লগানেৰে কপাহবাৰী সমবায় সমিতিৰ শিৱপুৰ গাঁৱৰ আকাশ-বতাহ কঁপাই তোলে। উল্লেখ্য যে, সুলভ মূল্যৰ দোকানীৰ লগত বুজাবুজিৰে কপাহবাৰী সমবায় সমিতিৰ সভাপতি আচাদুৰ ৰহমান আৰু সম্পাদকে মিলি জুন আৰু জুলাই মাহৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষাৰ চাউল গ্ৰাহকক বিতৰণ নকৰি অতি কৌশলৰে আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত কৰিছে হিতাধিকাৰীসকলে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/aa7b61b0-39c9-4556-91a7-36290f5cdd4a/0a8e7daf_746e_4263_acfd_ddd947b65947.jpg)
যোৱা দুটা মাহৰ পৰা কপাহবাৰী সমবায় সমিতিয়ে চাউল বিতৰণ নকৰাৰ বিষয়টো হিতাধিকাৰীয়ে জানিব বিচৰাত শিৱপুৰ গাঁৱৰ সুলভমূল্যৰ দোকানীয়ে কয় যে, যোৱা দুটা মাহৰ পৰা অসম চৰকাৰৰ খাদ্য আৰু যোগান বিভাগে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষাৰ চাউল গ্ৰাহকক যোগান ধৰা নাই। উক্ত চাউলখিনি ৰাজ্যৰ বিভিন্ন প্ৰান্তত হোৱা বানপানীৰ ফলত বানাক্ৰান্ত ৰাইজৰ মাজত বিতৰণ কৰিছে চৰকাৰে।
এনেদৰে অতি গ্ৰাম্য অঞ্চলৰ দুখীয়া ৰাইজক ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষাৰ চাউল গ্ৰাহকক বিতৰণ নকৰি কৌশলৰে আত্মসাৎৰ চেষ্টা চলোৱাৰ অভিযোগ হোজাইৰ কপাহবাৰী সমবায় সমিতিৰ বিৰুদ্ধে। বিষয়টো সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী জনাইছে হিতাধিকাৰী মহিলাসকলে।
Also Read: গ্ৰেপ্তাৰ হ'ল নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ প্ৰবক্তা হেমন্ত শৰ্মা...