মোৰাঝাৰৰ কপাহবাৰীত জলসিঞ্চন বিভাগৰ বিৰুদ্ধে কৃষকৰ প্ৰতিবাদ...

মোৰাঝাৰৰ কপাহবাৰীত জলসিঞ্চন বিভাগৰ বিৰুদ্ধে কৃষকৰ প্ৰতিবাদ...

author-image
Asomiya Pratidin
New Update
মোৰাঝাৰৰ কপাহবাৰীত জলসিঞ্চন বিভাগৰ বিৰুদ্ধে কৃষকৰ প্ৰতিবাদ...

মোৰাঝাৰৰ কপাহবাৰীত জলসিঞ্চন বিভাগৰ বিৰুদ্ধে কৃষকৰ প্ৰতিবাদ...

ডিজিটেল সংবাদ মোৰাঝাৰঃ হোজাই মহকুমাৰ মোৰাঝাৰৰ কপাহবাৰীত জলসিঞ্চন বিভাগৰ বিৰুদ্ধে কৃষক ৰাইজে আজি সাৱস্ত্য কৰে উত্তাল প্ৰতিবাদ। কৃষকৰ সমস্যাক পিঠি দি গভীৰ নিদ্ৰাত হোজাই জিলা জলসিঞ্চন বিভাগ।

Advertisment

জলসিঞ্চন বিভাগৰ নিৰ্লিপ্ততাৰ বাবেই বাৰিষাৰ পিছতো পানীৰ সমস্যাত ভূগিছে কপাহবাৰী অঞ্চলৰ কৃষক।পথাৰত পানীৰ যোগান নধৰাৰ বাবে হাহাকাঁৰ কৰিবলগীয়া হৈছে পৰিছে শ-শ কৃষকে ।

পানীৰ অভাৱত হাজাৰ-হাজাৰ বিঘা কৃষি ভূমিত মেলিছে চিৰাল ফাট। খেতি পথাৰত পানীৰ যোগান ধৰিব নোৱাৰি এতিয়া মূৰে-কঁপালে হাত দিছে শ-শ কৃষকে। উল্লেখ্য, বহুদিনৰ পৰাই বাৰে বাৰে বিভাগীয় কৰ্তৃপক্ষক এই সমস্যাৰ বিষয়ে অৱগত কৰাৰ পিছতো ডি-২ নলা ছাফা নকৰাৰ বাবে বিপাঙত পৰিছে বৃহত্তৰ কপাহবাৰী অঞ্চলৰ কৃষক।

চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ আবেদন-নিবেদন কৰিও কোনো সুফল নোপোৱাত আজি এই বৃহত্তৰ অঞ্চলৰ কৃষকে প্ৰতিবাদ সাব্যস্ত কৰে। ৰাইজৰ অভিযোগ এই নলাটো জংঘলেৰে ভৰি থকাৰ কাৰণে পানী যাব নোৱাৰে।

কিন্তু এই সন্দৰ্ভত স্থানীয় কৃষকে হোজাই জিলা জলসিঞ্চন বিভাগক অভিযোগ দিয়াৰ পিছতো কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ তুলি ক্ষোভিত কৃষকসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

Also Read: ভূমিকম্পই জোকাৰি গ'ল ৰাজ্য...

জলসিঞ্চন বিভাগ