লামডিঙত কাৰ্বি আংলঙৰ পৰা অবৈধভাবে শিল কঢ়িওৱা ডাম্পাৰ জব্দ...

চালান বিহীন ভাবে ডাম্পাৰ শিল কঢ়িয়াই চলি আছে অবৈধ বেহা
লামডিঙত কাৰ্বি আংলঙৰ পৰা অবৈধভাবে শিল কঢ়িওৱা ডাম্পাৰ জব্দ...
লামডিঙত কাৰ্বি আংলঙৰ পৰা অবৈধভাবে শিল কঢ়িওৱা ডাম্পাৰ জব্দ...

ডিজিটেল সংবাদ লামডিংঃ ৰাজ্যত অব্যাহত আছে অবৈধ চিপছ (শিলগুটি) ৰ ৰমৰমীয়া বেহা। বন বিভাগ তথা চৰকাৰক লাখ লাখ টকাৰ কৰ ফাঁকি দি চলি আছে এই অবৈধ বেহা।

দৈনিক কাৰ্বি আংলং জিলাৰ ডংকামোকামৰ পৰা লামডিং হৈ চালানবিহীনভাৱে ডিফুলৈ গৈ আছে ডাম্পাৰে ডাম্পাৰে এনে শিল। বন বিভাগৰ নাকৰ তলতেই চালানবিহীনভাৱে চলি থকা এই অবৈধ বেহাৰ ওপত কাৰ আশীৰ্বাদ আছে তাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়া।

লামডিং বন বিভাগৰ অভিযানত চালান বিহীন শিলগুটি কঢ়িওৱা এখন ডাম্পাৰ জব্দ কৰাৰ পাছতে এই বিষয়ে পোহৰলৈ আহিছে। উল্লেখ্য যে, লামডিং আঞ্চলিক বন বিভাগে লামডিং-ডিফু পথত অভিযান চলাই এখন শিলগুটি কঢ়িওৱা ডাম্পাৰ জব্দ কৰিছে।

ডাম্পাৰখনৰ নম্বৰ এ এছ ০৯ বিচি ২৬৫৮। জব্দকৃত ডাম্পাৰখন লামডিং আঞ্চলিক বন বিভাগৰ অধীনত থকা বিট অফিচত ৰখা হৈছে। বন বিভাগে জনোৱা মতে জব্দকৃত ডাম্পাৰখনত প্ৰয়জোনীয় কোনোধৰণৰ নথিপত্ৰ নাছিল। আনহাতে অভিযানৰ সময়ত আন এখন এনে অবৈধ শিল কঢ়িওৱা ডাম্পাৰ পলায়ন কৰে।

অবৈধ শিল কঢ়িওৱা বাহনখনৰ চালকে বন বিভাগক জনোৱা মতে তেওঁলোকে ডংকামোকামৰ EJANGPO STONE CRUSHER UNIT ৰ পৰা এই শিলখিনি কঢ়িয়াই আনিছিল।

লামডিঙত কাৰ্বি আংলঙৰ পৰা অবৈধভাবে শিল কঢ়িওৱা ডাম্পাৰ জব্দ...
ৰাজ্যসভাৰ পৰা অৱসৰ গ্ৰহণ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in