ৰাজ্যসভাৰ পৰা অৱসৰ গ্ৰহণ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ...

কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ দীঘলীয়া আৱেগিক পত্ৰ
ৰাজ্যসভাৰ পৰা অৱসৰ গ্ৰহণ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ...
ৰাজ্যসভাৰ পৰা অৱসৰ গ্ৰহণ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ...

ডিজিটেল ডেস্কঃ ৩৩ বছৰীয়া এক ৰাজনৈতিক পৰিক্ৰমাৰ অৱসান। ৰাজ্যসভাৰ পৰা অৱসৰ গ্ৰহণ কৰিলে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙে। তিনি দশকৰো অধিক সময় ধৰি ৰাজ্যসভাৰ সদস্য হৈ থকা ড০ সিঙৰ অৱসৰৰ সকলো আনুষ্ঠানিকতা অৱশ্যে বুধবাৰেহে সম্পন্ন হ'ব।

২০০৪ ৰ পৰা ২০১৪ লৈ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰা ড০ সিঙে মঙ্গলবাৰে অৱসৰ গ্ৰহণ কৰাৰ পাছতেই কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে এক দীঘলীয়া আৱেগিক পত্ৰ লিখিছে। য'ত তেওঁ ড০ সিঙক সদায়েই নায়ক হৈ থাকিব বুলিও উল্লেখ কৰিছে।

মল্লিকাৰ্জুন খাৰ্গেয়ে কয়, ড০ সিং দেশৰ মধ্যবিত্ত আৰু উচ্চাকাংক্ষী যুৱ প্ৰজন্মৰ বাবে নায়ক হৈ থাকিব। তেওঁ পুনৰ কয়, প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ সিং উদ্যোগপতি আৰু উদ্যোগীসকলৰ বাবে নেতা আৰু পথ প্ৰদৰ্শক। তেওঁৰ অৰ্থনৈতিক নীতিৰ বাবে দৰিদ্ৰতাৰ পৰা ওলাই আহিবলৈ সক্ষম হোৱা দৰিদ্ৰ লোকসকলৰ বাবে তেওঁ হিতকাৰী।

১৯৯১ চনত প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰত ৰত্ন পি ভি নৰসিংহ ৰাওৰ চৰকাৰৰ বিত্তমন্ত্ৰী হিচাপে দেশত উদাৰীকৰণ আৰু ব্যক্তিগতকৰণৰ নীতিৰে বিশ্বায়নৰ যুগান্তকাৰী অৰ্থনৈতিক সংস্কাৰৰ বাবে প্ৰখ্যাত ড০ সিঙে ১৯৯১ চনৰ অক্টোবৰত ৰাজ্যসভাত যোগদান কৰিছিল। ১৯৯১ ৰ পৰা ১৯৯৬ চনলৈ নৰসিংহ ৰাও চৰকাৰত বিত্তমন্ত্ৰী হিচাপে সফলতাৰে দায়িত্ব সম্পন্ন কৰাৰ পাছত তেওঁ ২০০৪ ৰ পৰা ২০১৪ লৈ দুটা কাৰ্যকালৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল।

১৯৯১ চনৰ পৰা ২০১৯ চনলৈ ড০ সিঙে অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল। ইয়াৰ পিছত ২০১৯ চনত তেওঁ ৰাজস্থানৰ পৰা পুনৰ ৰাজ্যসভালৈ নিৰ্বাচিত হয়। উল্লেখ্য শেহতীয়াকৈ অসুস্থ অৱস্থাতো তেওঁ হুইল ছেয়াৰত বহি সংসদৰ আস্থা ভোটৰ সময়ত আহি ৰাজ্যসভালৈ আহি ভোটাধিকাৰ সাব্যস্ত কৰিছিল। ড০ সিঙক শেহতীয়া সংসদৰ অধিৱেশনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও তেওঁৰ দায়িত্বশীলতা, কৰ্তব্যনিষ্ঠা আদিৰ বাবে মুকলিকৈ প্ৰশংসা কৰিছিল।

ৰাজ্যসভাৰ পৰা অৱসৰ গ্ৰহণ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ...
দুলীয়াজানত অগ্নিকাণ্ডঃ অগ্নি নিৰ্বাপক বাহিনীৰ বাহনো দুৰ্ঘটনাগ্ৰস্ত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in