কেৱল ৰাইজে বিচাৰিলে নহ'ব নেতাসকলেও মোক বিচাৰিব লাগিব : শিলাদিত্য দেৱ

কেৱল ৰাইজে বিচাৰিলে নহ'ব নেতাসকলেও মোক বিচাৰিব লাগিব : শিলাদিত্য দেৱ

author-image
Asomiya Pratidin
New Update
কেৱল ৰাইজে বিচাৰিলে নহ'ব নেতাসকলেও মোক বিচাৰিব লাগিব : শিলাদিত্য দেৱ

ডিজিটেল সংবাদ, লামডিং: লামডিং ৰেলৱে স্কাউট এণ্ড গাইডৰ প্ৰেক্ষাগৃহত ফ্ৰেইণ্ডচ অৱ লামডিং নামৰ সংস্থাটোৱে শনিবাৰে বস্ত্ৰ বিতৰণৰ এক অনুষ্ঠান আয়োজন কৰে । এই অনুষ্ঠানত প্ৰায় ৩০০ ৰো অধিক দৰিদ্ৰ মহিলাক বস্ত্ৰ দান কৰাৰ লগতে লামডিং বজাৰৰ কেইবা গৰাকীও শ্ৰমিকক বস্ত্ৰ বিতৰণ কৰে সংস্থাটোৱে।

Advertisment

সংস্থাটোৱে যোৱা কভিড-১৯ ৰ সময়চোৱাৰ পৰাই দৰিদ্ৰ লোকসকলক বস্ত্ৰ বিতৰণ কৰাকে ধৰি খাদ্য বিতৰণ কৰি এক প্ৰসংশনীয় প্রদক্ষেপ গ্ৰহণ কৰি আহিছে। শনিবাৰে এই সংস্থাটোৱে হাতত লোৱা এই মহৎ প্ৰদক্ষেপত অংশগ্ৰহণ লয় হোজাই সমষ্টিৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱ, লামডিং প্ৰনবানন্দা বিদ্যা মন্দিৰ অধ্যক্ষ শেখৰ চক্ৰৱৰ্তীকে ধৰি প্ৰায় ৪ শতাধিক লোকে।

আগন্তুক লোকসভা নিৰ্বাচনৰ সন্দৰ্ভত সংবাদ মাধ্যমত শিলাদিত্য দেৱে প্ৰতিক্ৰিয়াত দলৰ প্ৰতি থকা আক্ষেপ প্ৰকাশ কৰি কয় যে, কেৱল ৰাইজে বিচাৰিলেই নহ'ব দলে বিচাৰিলেহে তেওঁ টিকট পাব। বিধায়ক হৈ থাকোতেই তেওঁ টিকট নাপালে এতিয়াটো তেওঁ এজন সাধাৰণ মানুহ বুলিও তেওঁ মন্তব্য প্ৰকাশ কৰে।

Also Read: আৰম্ভ হ'ল প্ৰহৰ গণনা : আহমেদাবাদত ১ লাখ ৩০ হাজাৰ দৰ্শকৰ শব্দব্ৰহ্ম- ইণ্ডিয়া,ইণ্ডিয়া...

siladitya deb