মৰম নহয়! মোমায়েক- আইতাকে মিলি চলালে নিৰ্যাতন..

মৰম নহয়! মোমায়েক- আইতাকে মিলি চলালে নিৰ্যাতন..

author-image
Asomiya Pratidin
New Update
মৰম নহয়! মোমায়েক- আইতাকে মিলি চলালে নিৰ্যাতন..

ডিজিটেল ডেস্কঃ হোজাইত শিশু নিৰ্যাতনৰ ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে। নিজৰ মোমায়েক আৰু আইতাকৰ শাৰীৰিক নিৰ্যাতনৰ বলি হৈছে এগৰাকী ১০ বছৰীয়া শিশু। সম্প্ৰতি শাৰীৰিক আৰু মানসিকভাৱে অসুস্থ হৈ পৰিছে নিৰ্যাতিত শিশুটি।

Advertisment

ঘটনাৰ বিৱৰণ অনুসৰি কণমানি শিশুটো কান্দি কান্দি আহি থকা অৱস্থাত স্থানীয় ৰাইজে শিশুটোক বাটত পাই কন্দাৰ কাৰণ জানিব বিছৰাত শিশুটিয়ে আইতাক আৰু মোমায়েকৰ নিৰ্যাতনৰ বিষয়ে ৰাইজক অৱগত কৰে। তাৰ পিছতেই স্থানীয় ৰাইজে শিশুটিক উদ্ধাৰ কৰি হোজাই আৰক্ষীক খবৰ দিয়ে।

স্থানীয় ৰাইজে ভোক্তভোগী শিশুটিক উদ্ধাৰ কৰি হোজাই আৰক্ষীৰ হাতত গতাই দিয়ে। ঘটনাত অভিযুক্ত আইতাক আৰু মোমায়েকক ইতিমধ্যেই কৰায়ত্ত কৰিছে হোজাই আৰক্ষীয়ে। দুয়ো অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে এজন স্থানীয় যুৱকে।

ইতিমধ্যেই ঘটনা সন্দৰ্ভত চাইল্ড লাইনক অৱগত কৰা হৈছে। আৰক্ষীয়ে শিশুটিৰ স্বাস্থ্য পৰীক্ষাৰ বাবে শিশুটিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।

Also Read: অমৃত কালত প্ৰসূতিয়ে ই-ৰিক্সাত প্ৰসৱ কৰিছে সন্তানঃ বিকল এম্বুলেঞ্চ, বিধ্বস্ত বাট-পথ..

child abuse