১০-১৫ দিনৰ ভিতৰতে মুকলি আকাশৰ তললৈ আহিব পাৰে অৰ্ণমাই বৰা কাণ্ডৰ অভিযুক্ত...

ৰাজ্য কঁপাই গৈছিল গাৰ নোম শিয়ৰি উঠা এক ধৰ্ষণ আৰু হত্যাকাণ্ডই। হোজাই যমুনামুখৰ এগৰাকী শিক্ষয়ত্ৰীৰ সৈতে এই ঘটনা সংঘটিত হৈছিল এই ঘটনা।
১০-১৫ দিনৰ ভিতৰতে মুকলি আকাশৰ তললৈ আহিব পাৰে অৰ্ণমাই বৰা কাণ্ডৰ অভিযুক্ত...

ডিজিটেল ডেস্ক: ৰাজ্য কঁপাই গৈছিল গাৰ নোম শিয়ৰি উঠা এক ধৰ্ষণ আৰু হত্যাকাণ্ডই। হোজাই যমুনামুখৰ এগৰাকী শিক্ষয়ত্ৰীৰ সৈতে এই ঘটনা সংঘটিত হৈছিল এই ঘটনা। বিদ্যালয়ৰ পৰা উভতি অহাৰ সময়ত অৰ্ণমাই বৰা নামৰ এগৰাকী শিক্ষয়ত্ৰীৰ লগত সংঘটিত হৈছিল জঘন্য কাণ্ড।

ঘটনাৰ ৫ বছৰ হৈ গৈছে ।কিন্তু পুনৰ চৰ্চালৈ আহিছে এই ঘটনা। কিয়নো মুকলি আকাশৰ তললৈ অহাৰ যো জা চলাইছে অভিযুক্তই। কাৰণ উপযুক্ত তথ্য প্ৰমাণৰ অভাৱ।

আইনী প্ৰক্ৰিয়াৰ মাজেৰে সেই বিচাৰ উচ্চ ন্যায়ালয়ৰ মজিয়াত প্ৰায় সম্পূৰ্ণ হ'ল । সমগ্ৰ কাণ্ডৰ অন্যতম খলনায়ক আছিল মইনুল হক নামৰ লোকজন । কিন্তু উপযুক্ত তথ্য প্ৰমাণৰ অভাৱত মইনুল হক আৰু ছেলিমউদ্দিনৰ শাস্তি লাঘৱ হৈছে।

ইয়াৰ পাছতেই পোহৰলৈ আহিছে আৰক্ষীৰ এক লাজ লগা স্বৰূপ। বিৰোধিতা কৰিছে পৰিয়ালৰ লগতে দল-.সংগঠনৰ বহু লোকে। যদিহে আগন্তুত ১০-১৫ দিনৰ ভিতৰত পৰিয়ালে উচ্চতম ন্যায়ালয়ত আৱেদন নকৰে তেন্তে অভিযুক্তই মুকলি আকাশৰ তললৈ আহিব।

উল্লেখ্য যে ২০১৭ চনৰ ৩১ মে'ত সংঘটিত হোৱা এই কাণ্ড অতি জঘন্য আছিল। অতি বৰ্বৰ ভাৱে ধৰ্ষণ কৰি হত্যা কৰা হৈছিল অৰ্ণমাই বৰাক। ইমানেই বৰ্বৰ আছিল এই কাণ্ড যে মহিলা গৰাকীৰ শীৰৰত দাঁতৰ চিন দেখা পোৱা গৈছিল। অভিযুক্তই কামুৰিছিল মহিলা গৰাকীৰ সৰ্বশৰীৰত। কিন্তু ইয়াৰ কোনো ধৰণৰ তথ্য সংগ্ৰহ কৰা নাছিল আৰক্ষীয়ে। আৰক্ষীৰ এনে বহু ভুলৰ বাবে অভিযুক্ত মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হৈ পৰিছে।

আৰু পঢ়ক: আই আই টিৰ হোষ্টেলত উদ্ধাৰ অসমৰ যুৱকৰ মৃতদেহ, আদালতত শুনানি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in