আই আই টিৰ হোষ্টেলত উদ্ধাৰ অসমৰ যুৱকৰ মৃতদেহ, আদালতত শুনানি...

যোৱা বৰ্ষৰ অক্টোবৰ মাহত খড়গপুৰৰ আইআইটিৰ হোষ্টেলত উদ্ধাৰ হয় এজন ছাত্ৰৰ মৃতদেহ।
আই আই টিৰ হোষ্টেলত উদ্ধাৰ অসমৰ যুৱকৰ মৃতদেহ, আদালতত শুনানি...

ডিজিটেল ডেস্ক: যোৱা বৰ্ষৰ অক্টোবৰ মাহত খড়গপুৰৰ আইআইটিৰ হোষ্টেলত উদ্ধাৰ হয় এজন ছাত্ৰৰ মৃতদেহ। অসমৰ যুৱক ফৈজান আহমেদৰ মৃতদেহ উদ্ধাৰ হোৱা এই গোচৰ সন্দৰ্ভত কলিকতা উচ্চ ন্যায়ালয়ে ২০ জানুৱাৰীত এক শুনানি হয়।

গোচৰটোৰ তদন্ত কৰাৰ পিছত আদালতত এখন নতুন প্ৰতিবেদন উপস্থাপন কৰা হৈছিল। এই প্ৰতিবেদনৰ ওপৰত আদালতে আইআইটি খড়গপুৰৰ সঞ্চালকক কটাক্ষ কৰি মন্তব্য কৰে। আদালতে কয় যে এখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানৰ পৰিচালকে এনে আচৰণ কৰে নেকি? আপোনাৰ সন্তান আছে নে?

ইয়াৰ উত্তৰত তেওঁ কয় যে, "হয় ছাৰ, মোৰ দুটা পুত্ৰ আছে"। ইয়াৰ পাছতেই আদালতে কয় যে ল'ৰা জনৰ মাক-দেউতাক ইমানেই দৰিদ্ৰ যে তেওঁলোকৰ ইয়ালৈ আহি আদালতত হাজিৰ হ'বলৈ টকা নাই।

আইআইটি কৰ্তৃপক্ষই ঘটনাটো গাপ দিয়াৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছিল ছাত্ৰজনৰ পৰিয়ালে। তদুপৰি কৰ্তৃপক্ষৰ স্থিতিৰ ওপৰতো অসন্তুষ্টি প্ৰকাশ কৰে আদালতে। এই ঘটনা সন্দৰ্ভত পৰৱৰ্তী শুনানি ৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব।

উল্লেখ্য যে, ১৪ অক্টোবৰ ২০২২ বৰ্ষত হোষ্টেলৰ কোঠাৰ পৰা উদ্ধাৰ হৈছিল যুৱকৰ গলি যোৱা মৃতদেহ। ইয়াৰ পূৰ্বে যুৱক জনে কেইবাবাৰো ৰেগিং সন্দৰ্ভত কৰ্তৃপক্ষৰ ওচৰত অভিযোগ দাখিল কৰিছিল। বৰ্তমান এটা কথা প্ৰায়েই স্পষ্ট হৈ পৰিছে যে এই ঘটনা হত্যাকাণ্ড আছিল।

আৰু পঢ়ক: ফুকন ছাৰৰ মৃত্যু আৰু ঘঁৰিয়ালৰ চকুপানী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in