
লামডিঙ আৰক্ষীৰ বৃহৎ সফলতা৷
আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ছজনকৈ কুখ্যাত ড্ৰাগছ অপৰাধীক ৷
নিশা লামডিং আৰক্ষীয়ে বিভিন্ন অঞ্চলত অভিযান চলাইছিল।
আভিযানত লামডিঙৰ পীযুষ মজুমদাৰ, প্ৰদীপ লোধ, ভূৱন দাস, ৰাজ দাস আৰু ৰাছিদ আলী নামৰ ছজনকৈ যুৱকক আটক কৰে।
আৰক্ষীয়ে যুৱককেইজনৰ পৰা কন্টেইনাৰত প্ৰায় ৯.২৮ গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় ৷
জানিব পৰা মতে লামডিং বিভিন্ন অঞ্চলত ড্ৰাগছ সৰবৰাহ কৰি আহিছিল যুৱক কেইজনে ।
কেইমাহমান পূৰ্বে যুৱক কেইজনক আৰক্ষীয়ে আটক কৰি জে'ললৈ প্ৰেৰন কৰিছল।
জামিনত আহি পুনৰ লিপ্ত হৈছিল ড্ৰাগছ সৰবৰাহৰ ব্যৱসায়ত ৷
বৰ্তমান লামডিং আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷