লামডিং-লংকা ৰাষ্ট্ৰীয় ঘাইপথত ১৪ টা গৰু জব্দঃ ৫ জনক আটক...

লামডিং-লংকা ৰাষ্ট্ৰীয় ঘাইপথত ১৪ টা গৰু জব্দঃ ৫ জনক আটক...

author-image
Asomiya Pratidin
New Update
লামডিং-লংকা ৰাষ্ট্ৰীয় ঘাইপথত ১৪ টা গৰু জব্দঃ ৫ জনক আটক...

লামডিং-লংকা ৰাষ্ট্ৰীয় ঘাইপথত ১৪ টা গৰু জব্দঃ ৫ জনক আটক...

ডিজিটেল সংবাদ লামডিংঃ অবৈধ গৰু সৰবৰাহকাৰী বিৰুদ্ধে হোজাই আৰক্ষীৰ অভিযান । হোজাই আৰক্ষীৰ নেতৃত্বত আজি লামডিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দন জ্যোতি বৰাই ২৭নং ৰাষ্ট্ৰীয় ঘাইপথ পৰা আটক কৰে ৫ টা অবৈধ গো-সৰবৰাহকাৰী। তেওঁলোকৰ পৰা জব্দ কৰে ১৪ টা গৰু আৰু এখন বাহন।

Advertisment

লামডিং আৰক্ষীয়ে জনোৱা মতে নগাঁও পৰা ডিমাহাচাওৰ ফালে ২৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে লৈ যোৱাৰ সময়তে লামডিং আৰক্ষীয়ে এখন AS 02 DC 2103 নম্বৰৰ টাটা মেজিক কেৰিয়াৰ গাড়ী জব্দ কৰাৰ লগতে ১৪ টা গৰু জব্দ কৰে ৷অভিযোগ অনুসৰি চৰকাৰৰ কিছু নিয়ম উলংঘা কৰি সৰবৰাহ কৰা হৈছিল ১৪টাকৈ গৰু।

লামডিং আৰক্ষীয়ে আটক কৰা ৫ জন গৰু সৰবৰাহকাৰী ক্ৰমে লামডিঙৰ হৰেকৃষ্ণ দাস, সঞ্জীৱ দাস, দিলীপ দাস, বৰলংফাৰৰ নিৱাসী ৰঞ্জিত ৰিয়াং আৰু দাতাৰাম ৰিয়াং।বৰ্তমান জানিব পৰা মতে লামডিং আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব যে এই গৰু সৰৱৰাহকাৰীৰ লগত আৰু কোন কোন জড়িত আছে ৷

লামডিং আৰক্ষীয়ে এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰে আৰু তদন্ত অব্যাহত ৰাখিছে৷ অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি হোজাই জিলাত গৰু সৰবৰাহকাৰীয়ে বহু দিনৰ পৰাই লামডিং, হোজাই আৰক্ষীৰ চকুত ধুলি মাৰি চলাই আছে গৰুৰ ৰমৰমীয়া বেহা ৷

Also Read: SCERT কেলেংকাৰীত ৰাজনৈতিক দলৰ নেতাৰ নাম: ৪ সাংবাদিক, RTI কৰ্মীক হাজিৰ কৰোৱা হ'ব আদালতত...

লামডিং চোৰাং গৰু সৰবৰাহকাৰী