/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/605d7f87-35ac-4da9-a3bf-f19757000673/lumding_23.jpg)
লামডিঙত ৩ জুৱাৰী আটক...
ডিজিটেল সংবাদ লামডিংঃ শুকুৰবাৰে নিশা লামডিঙত জুৱাৰ ঘাটিত চলিল আৰক্ষীৰ অভিযান। এই অভিযানত আটক হ'ল তিনি জনকৈ জুৱাৰী।
লামডিং মাছবজাৰৰ সমীপতে থকা এটা ঘৰৰ পৰা জুৱা খেলি থকাৰ অৱস্থাতে এই তিনিও জুৱাৰীক হাতে লুটে লামডিং আৰক্ষীয়ে আটক কৰে ৷ এই তিনি জুৱাৰী ক্ৰমে লামডিং হৰিওঁম টিলাৰ নিৱাসী বাপ্পন পাল, কৃষ্ণ নগৰৰ ৰাজু দেৱ আৰু নাগাৰ পাৰাৰ নিৱাসী বাবুল দাস ৷
আৰক্ষীয়ে লামডিং থানাত ২১৬/২৩ নম্বৰ অধীনত এটি গোচৰ ৰুজু কৰি ১৩/১৪ AGB এক্টত তিনিওকে আদালতলৈ প্ৰেৰণ কৰিছে৷ অভিযোগ অনুসৰি কেইবাদিন ধৰি আৰক্ষীৰ চকুত ধূলি মাৰি এই ঘাটি চলাই আহিছিল অভিযুক্ত কেইগৰাকীয়ে।
Also Read: লখিমপুৰত 'বিয়লি'ৰ দ্বাদশ বৰ্ষপূৰ্তিঃ ডিমেনচিয়া, এলজাইমাৰ ৰোগীৰ পৰিচৰ্যা কেন্দ্ৰ উদ্বোধন...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us