
লামডিং আৰক্ষীৰ জুৱাৰী বিৰোধী অভিযান।
অভিযানত লামডিং থানাৰ অধিনত ১৬ জনকৈ জুৱাৰীক আটক ৷
লামডিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দন জোতি বৰাৰ নেতৃত্বত চলিছিল এই অভিযান।
অভিযানত লামডিং ক্ৰচিং গেট বজাৰৰ পৰা জুৱা খেলি থকাৰ অৱস্থাত ৪জনক আটক কৰে।
লামডিং থানাৰ অধীনৰ নখুটিৰ পৰা ১২ জনকৈ জুৱাৰীক আটক কৰে আৰক্ষীয়ে ৷
আটকাধীন লামডিঙৰ চাৰিজন জুৱাৰী ক্ৰমে শুভংকৰ দেৱনাথ, ৰাজু দাস, প্ৰেমা বৈদ্য আৰু বিশ্বজিৎ পাল ৷
আৰক্ষীয়ে লামডিঙৰ চাৰিজন জোৱাৰীৰ পৰা নগদ ধন ২৮২০ টকা জব্দ কৰে।
জব্দ কৰে তিনিটা মোবাইল ফোন।
নখুটিৰ খাগৰীজান গাঁৱৰ পৰা আটক কৰা জুৱাৰী কেইটা ক্ৰমে আব্দুল বাতিম, চাদ্দাম হুছেইন, আৰছাদ আলি, আবুত আলিম, হাবিলউদ্দিন,ৰছিদ আলি, আমিৰোদ্দিন, ইব্ৰাহিম আলি, হবিবুৰ ৰহমান, আব্দুল চাক্তৰ, মকবুল আলি, ৰমজাত আলি ৷
আটকাধীন জুৱাৰী কেইজনক গোচৰ নং ১০১/ ২০২৩ আৰু ১০২/২০২৩ ৰ অধীনত ভাৰতীয় দণ্ড বিধি আইনৰ ১৩/১৪/A G B ধাৰাত জেল হাজোতলৈ প্ৰেৰণ কৰে।