/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/7dffba3b-4064-49bc-ad4b-389c3834d0b1/d0f84821_0f1a_4945_8c10_93dcaec0d806.jpg)
ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ কেইবাটাও অঞ্চল ভ্ৰমণ কৰি ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াৰ বুজ লোৱাৰ লগতে বিভাগৰ ফালৰ পৰা চলাই থকা খহনীয়া ৰোধৰ কাম পৰিদৰ্শন কৰে। গুৱাহাটীৰ পৰা ৰেলেৰে পুৱাতে ডিব্ৰুগড়ত গৈ উপস্থিত হোৱা জলসম্পদ মন্ত্ৰীগৰাকীয়ে প্ৰথমতে ডিব্ৰুগড়ৰ মাইজান ঘাটৰ পৰা ফেৰীৰে মোহনাঘাট, ম’হপোৱালিমৰা, ফুলবাগান, মাতিকটা আদি স্থানত ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া পৰিদৰ্শন কৰাৰ লগতে খহনীয়া ৰোধৰ বাবে বিভাগে জৰুৰীকালীনভাৱে কৰি থকা কামৰ প্ৰত্যক্ষ বুজ লয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/00b60615-d649-4eb4-849e-c456673b3b51/a3a5d980-5d39-4fb5-a355-4633289623b5.jpg)
উল্লেখ্য যে বিগত বৰ্ষৰপৰাই ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াই ডিব্ৰুগড় নগৰখনৰ প্ৰতি একপ্ৰকাৰে ভাবুকি প্ৰদান কৰিছিল। জলসম্পদ বিভাগে বহুকেইটা শিতানত জৰুৰীভাৱে খহনীয়া ৰোধৰ কাম কৰি থকাৰ বিপৰীতে এই সমস্যাৰ স্থানী সমাধানৰ বাবে প্ৰণালীবদ্ধ অধ্যয়ন কৰিবলৈ আই আই টি গুৱাহাটীক কৰ্তৃত্ব প্ৰদান কৰিছিল । গুৱাহাটী আই আই টিৰ অধ্যয়নৰ প্ৰতিবেদন লাভ কৰাৰ পাছত তেওঁলোকৰ প্ৰতিবেদন অনুসৰিয়েই ডিব্ৰুগড়ত খহনীয়া ৰোধৰ বাবে ৰাজ্য চৰকাৰে দুটা শিতানৰ অধীনত প্ৰায় ৩২৯ কোটি টকাৰ অনুমোদন কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/5c9fa26f-8cf1-471c-b4c9-cae9397ab6fb/76a43d02-72f8-409e-a532-c50ac9b18dd8.jpg)
আজিৰ পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে উপস্থিত সাংবাদিকৰ আগত কয় যে ডিব্ৰুগড়ক লৈ ৰাজ্য চৰকাৰ যথেষ্ট সজাগ আৰু ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ বাবে ইতিমধ্যেই NIDA আৰু ADB ৰ অধীনত ক্ৰমে ৭৮ কোটি আৰু ২৫১ কোটি টকাৰ দুটা পৰিকল্পনা প্ৰস্তুত কৰি পুঁজি অনুমোদন কৰা হৈছে আৰু কামো আৰম্ভ কৰা হৈছিল | বৰ্তমানে বাৰিষা আৰম্ভ হোৱা বাবে এই প্ৰকল্প দুটাৰ অধীনত স্থায়ী খহনীয়া ৰোধৰ কাম বন্ধ ৰাখি অস্থায়ী আৰু জৰুৰী প্ৰতিৰোধৰ কামসমূহ চলাই থকা হৈছে ।
মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ডিব্ৰুগড় সমষ্টিৰ প্ৰায় ১৫ কিল’মিটাৰ দৈৰ্ঘ্য অংশত ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ বাবে জিঅ’ বেগৰ কাম কৰা হ’ব । ইতিমধ্যেই আৰম্ভ হোৱা এই কাম সম্পূৰ্ণৰূপে আই আই টি গুৱাহাটীৰ প্ৰত্যক্ষ নিৰ্দেশনাত কৰা হৈছে । আনহাতে আন ১২ কিল’মিটাৰ অংশত পৰ্কুপাইন আদিৰ ব্যৱহাৰেৰে খহনীয়া ৰোধৰ কামো আৰম্ভ কৰা হৈছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/b48a9d66-c0c7-4c7b-bc84-cf2e4b7b701e/28c2ec7e-2c79-49f4-9b5d-6c773952b459.jpg)
বাৰিষাৰ সময়খিনিত জৰুৰী কামৰ বাবে প্ৰয়োজন হোৱা বেগ, পৰ্কুপাইন আৰু আন সামগ্ৰী শীঘ্ৰেই বিভাগীয়ভাৱে ডিব্ৰুগড়ত যোগান ধৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আজিৰ পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে স্থানীয় আশংকিত ৰাইজৰ সৈতেও মত-বিনিময় কৰি সম্পূৰ্ণ আশ্বাস প্ৰদান কৰে। তেওঁ কয় যে উল্লেখিত দুয়োটা প্ৰকল্পৰ সফল ৰূপায়ণে ডিব্ৰুগড়ৰ খহনীয়া সমস্যাই স্থায়ী সমাধান লাভ কৰিব বুলি আশা কৰিব পাৰি।
ডিব্ৰুগড়ৰ পৰা মন্ত্ৰী হাজৰীকাই চাবুৱাৰ বিন্ধাকটা মুলুকগাঁৱত উপস্থিত হৈ এই অঞ্চলত হৈ থকা ব্ৰহ্মপুত্ৰৰ খহ্নীয়া পৰিদৰ্শন কৰে আৰু এই খহনীয়া ৰোধৰ বাবে বিভাগক প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশনা প্ৰদান কৰে। চাবুৱাৰ পৰা জলসম্পদ মন্ত্ৰীগৰাকীয়ে তিনিচুকীয়া জিলাৰ খামটি গোৱালি গাঁও আৰু পাছত জিলাখনৰ হাতীঘূলিৰ ফেলাই নাওকাটাত উপস্থিত হৈ ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ বুজ লয়। খামটি গোৱালি গাঁৱত আগন্তুক ৫ দিনৰ ভিতৰত জিঅ’বেগৰ সহায়ত খহনীয়া ৰোধৰ কাম আৰম্ভ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে আশ্বাস প্ৰদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/9abe9898-775d-4de3-b43d-3624401926b5/83166702-43aa-4778-a0ea-3040f44ff551.jpg)
আনহাতে হাতীঘূলি অঞ্চলত বৰ্তমানৰ মথাউৰিটো কাষলৈ সম্প্ৰসাৰণ কৰি প্ৰায় ১ কিল’মিটাৰ পৰ্যন্ত দীঘল কৰি দিয়াৰ প্ৰাৰম্ভিক কাম আৰম্ভ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগৰ অভিযন্তাক নিৰ্দেশ দিয়ে। পাছত মন্ত্ৰী হাজৰীকাই তিনিচুকীয়া জিলাৰ বাদলাবেটা চাহ বাগিচাৰ ১০ নং লাইনত ডুমডুমা নৈয়ে সৃষ্টি কৰা খহনীয়া পৰিদৰ্শন কৰি খহনীয়া ৰোধৰ ব্যৱস্থা লবলৈ বিভাগীয় অভিযন্তাক নিৰ্দেশ দিয়ে।
মন্ত্ৰী পীযুষ হাজৰীকাৰ আজিৰ পৰিদৰ্শনৰ সময়চোৱাত ডিব্ৰুগড়ত বিধায়ক প্ৰশান্ত ফুকন, বিনোদ হাজৰিকা আৰু পোনাকন বৰুৱাই সংগ দিয়াৰ বিপৰীতে তিনিচুকীয়াত সাংসদ প্ৰদান বৰুৱা, বিধায়ক বলিন চেতিয়া, ৰূপেশ গোৱালা আৰু বিনোদ হাজৰিকা উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/da3cf9ec-ed4d-469e-8600-4c23b426df0c/5bfcbdf1-81b9-45f2-9ee1-47c05a9e948f.jpg)