কোন সঁচা, কোন মিছা! মাহে কাৰ পৰা ১৬ লাখকৈ লৈছিল সমুজ্জ্বল ভট্টাচাৰ্যই...

কোন সঁচা, কোন মিছা। গুৰুত্বপূৰ্ণ অভিযোগ সমুজ্জ্বল ভট্টাচাৰ্যৰ বিৰুদ্ধে এন আৰ চিৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ।

author-image
Asomiya Pratidin
New Update
কোন সঁচা, কোন মিছা! মাহে কাৰ পৰা ১৬ লাখকৈ লৈছিল সমুজ্জ্বল ভট্টাচাৰ্যই...

ডিজিটেল ডেস্ক: কোন সঁচা, কোন মিছা। গুৰুত্বপূৰ্ণ অভিযোগ সমুজ্জ্বল ভট্টাচাৰ্যৰ বিৰুদ্ধে এন আৰ চিৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ। আছুৰ মুখ্য উপদেষ্টা জনলৈ আঙুলি তুলি সামাজিক মাধ্য়মত শৰ্মাই অভিযোগ কৰিছে যে পূৰ্বৰ এন আৰ চিৰ সমন্বয়ক প্ৰতীক হাজেলাৰ পৰা মাহে সমুজ্জ্বল ভট্টাচাৰ্যই ১৬ লাখকৈ টকা লৈছিল।

Advertisment

কেলেংকাৰীৰ ভাগ হিচাপে এই ধন লৈছিল বুলি উল্লেখ কৰি ইয়াক অৱশ্যে তেওঁ বজাৰৰ খবৰ আখ্যা দিয়ে। সত্যাসত্য নাজানো বুলিও উল্লেখ কৰিছে এই পোষ্টটোত। কিন্তু কেলেংকাৰীৰ তদন্ত হ'লে সকলো গম পোৱা যাব বুলি কৌশলেৰে কথা খিনি সামাজিক মাধ্যমত লিখিছে এন আৰ চিৰ প্ৰাক্তন সমন্বয়ক গৰাকীয়ে।

হিতেশ দেৱ শৰ্মাৰ পোষ্ট  User
হিতেশ দেৱ শৰ্মাৰ পোষ্ট User

এই গুৰুতৰ অভিযোগৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া জানিবলৈ অসমীয়া প্ৰতিদিন ডিজিটেলে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা গৰাকীৰ সৈতে যোগাযোগৰ চেষ্টা কৰিছিল। ভট্টাচাৰ্যৰ মোবাইল বন্ধ থকাত সেই যোগাযোগ সম্ভৱ নহল যদিও পৰৱৰ্তী সময়ত তেখেতৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব পৰা যাব।

আৰু পঢ়ক: সাৱধান! দ্যা ইউনিয়ন ক'পাৰেটিভ বেংকত সাঁচতীয়া ধন থৈছিল নেকি?

samujjal bhattacharya nrc prateek hajela