
ডিজিটেল ডেস্ক : সাত সাগৰ তেৰ নদীৰ সিপাৰে গুঞ্জৰিত হ'ল অসমৰ নাম। ইতিহাস সৃষ্টি কৰি বিশ্বৰ বুকুত অসমৰ নাম খোদিত কৰিলে অসম সন্তান তথা অসম সাঁতোৰৰ 'গ্লেমাৰ বয়' এলভিছ আলী হাজৰিকাই।
ৰাষ্ট্ৰীয় তথা প্ৰখ্যাত সাতোঁৰবিদ এলভিছে ইংলিচ চেনেল সাতুৰি পৰাপাৰ হৈ প্ৰথমজন অসমীয়া হোৱাৰ কৃতিত্ব অৰ্জন কৰে। তেওঁ ৩১ ঘণ্টাত ৭৮ কিলোমিটাৰ সাতুৰি এই কৃতিত্ব অৰ্জন কৰে।
সাতোঁৰ অভিযানত তেওঁ ইংলেণ্ডৰ পৰা ফ্ৰান্সলৈ ইংলিচ চেনেল সাঁতোৰে। এলভিছৰ এই কৃতিত্বত গৌৰৱান্বিত অসমবাসী। কেন্দ্ৰীয়মন্ত্ৰী সৰ্বানন্দ সোণোৱাল,মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিভিন্ন লোকে তেওঁলৈ জনাইছে অভিনন্দন।
এলভিছ আলিয়েও সামাজিক মাধ্যমযোগে অনুভৱ ব্যক্ত কৰিছে। তেওঁ এই অভিযান বহু প্ৰত্যাহ্বানৰ মাজেৰে যাব লগা হৈছিল। বিশেষকৈ, জেলিফিছ, ডলফিন, চীল, লুণীয়া পানী আদিৰ অভিজ্ঞতা সম্পৰ্কে তেওঁ উল্লেখ কৰে।