মুখ্যমন্ত্ৰীৰ শোকবাণী পত্ৰ লাভ কৰি আৱেগিক প্ৰয়াত সমৰ তালুকদাৰৰ পত্নী-কন্যা

মৰণোত্তৰভাৱে সন্মান জনালে তাৰ বাবে তালুকদাৰ পৰিয়ালৰ পৰা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ কৃতজ্ঞতা জ্ঞাপন কৰে

author-image
Asomiya Pratidin
New Update
মুখ্যমন্ত্ৰীৰ শোকবাণী পত্ৰ লাভ কৰি আৱেগিক প্ৰয়াত সমৰ তালুকদাৰৰ পত্নী-কন্যা

ডিজিটেল সংবাদ, চিৰাং : চিৰাং জিলাৰ বাসুগাঁও চহৰৰ ৰামকৃষ্ণ পথৰ বাসিন্দা বিশিষ্ট সাহিত্যিক, নাট্যকৰ্মী তথা সমাজকৰ্মী সদ্যপ্ৰয়াত সমৰ তালুকদাৰৰ পৰিয়ালবৰ্গলৈ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শোকবাণী প্ৰেৰণ । শনিবাৰে চিৰাং জিলা প্ৰশাসনৰ হৈ অতিৰিক্ত উপায়ুক্ত ৰিংখাং মুছাহাৰীয়ে মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ স্বাক্ষৰিত শোক বাণী বাসুগাঁও চহৰৰ তিনি নং ওৱাৰ্ডৰ ৰামকৃষ্ণ পথ স্থিত প্ৰয়াত সমৰ তালুকদাৰৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ পত্নী দিপালী তালুকদাৰ, কন্যা সংগীতা তালুকদাৰ, সত্যব্ৰত তালুকদাৰৰ হাতত শোকবাণী অৰ্পণ কৰে ।

Advertisment

ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰেৰণ কৰা শোকবাণী লাভ কৰি তালুকদাৰ পৰিয়ালৰ সদস্যসকল কিছু সময়ৰ বাৱে আৱেগিক হৈ পৰে । প্ৰয়াত সমৰ তালুকদাৰৰ কন্যা সঙ্গীতা তালুকদাৰে কয় যে, পিতৃৰ মৃত্যুৰ পিছত তেওঁ জড়িত থকা বিভিন্ন সংস্থাৰ পৰা শোকবাৰ্তা প্ৰদান কৰি গৈছে কিন্তু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰয়াত পিতৃ সমৰ তালুকদাৰৰ কৰ্মৰাজি, তেখেতৰ সৃষ্টিশীল কৰ্মৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা জনাই শোকবাণী প্ৰেৰণ কৰিব সেয়া সপোনতো কল্পনা কৰা নাছিল বুলি মন্তব্য কৰে ।

লগতে তেওঁ উল্লেখ কৰে যে, মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰয়াত পিতৃক যি মৰণোত্তৰভাৱে সন্মান জনালে তাৰ বাবে তালুকদাৰ পৰিয়ালৰ পৰা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ কৃতজ্ঞতা জ্ঞাপন কৰে । আজি মুখ্যমন্ত্ৰীৰ শোক বাণী প্ৰদান কৰাৰ সময়ত সাহিত্য সাংস্কৃতিক সংস্থাৰ হৈ উপদেষ্টা তথা প্ৰয়াত সমৰ তালুকদাৰৰ ঘনিষ্ট বন্ধু সুভাষ লোধৰায়, সাধাৰণ সম্পাদক জয়ন্ত দেবনাথ, সহকাৰী সম্পাদক পীযুষ বৰ্মন, বিবেকানন্দ ক্লাৱৰ উপদেষ্টা ভৱতোষ বিশ্বাস উপস্থিত থাকি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এই পদক্ষেপক শলাগ লয় আৰু ধন্যবাদ জ্ঞাপন কৰে ।

উল্লেখ্য যে, চলিত বৰ্ষৰ ২৫ ফেব্ৰুৱাৰীত বহুকেইটি প্ৰতিভাৰ স্বাক্ষৰ বহন কৰা সমৰ তালুকদাৰ ৮২ বছৰ বয়সত বাৰ্দ্ধক্য জনিত কাৰণত নিজ বাসগৃহতে পৰলোক গমন কৰিছিল।

Also Read: নাট্য শিল্পীসকলৰ ভৱিষ্যৎ সুনিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় শ্ৰম মন্ত্ৰীৰে আলোচনা অসম নাট্য সন্মিলনৰ

himanta biswa sarma Condolence