নাট্য শিল্পীসকলৰ ভৱিষ্যৎ সুনিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় শ্ৰম মন্ত্ৰীৰে আলোচনা অসম নাট্য সন্মিলনৰ

ৰামেশ্বৰ তেলীয়ে গ্ৰহণ কৰা কাৰ্য্য ব্যৱস্থাক আদৰণি জনোৱাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ড⁰ হিমন্ত বিশ্ব শৰ্মা আৰু সাংস্কৃতিক মন্ত্ৰী বিমল বৰাক এই সন্দৰ্ভত দৃষ্টি ৰাখিবলৈ আহ্বান জনায়
নাট্য শিল্পীসকলৰ ভৱিষ্যৎ সুনিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় শ্ৰম মন্ত্ৰীৰে আলোচনা অসম নাট্য সন্মিলনৰ

ডিজিটেল সংবাদ, ধুবুৰী : নাট্য সন্মিলনৰ সভাপতিৰ সৈতে কেন্দ্ৰীয় শ্ৰম মন্ত্ৰীৰ আলোচনা। অসমত নাট্য জগতক সম্বৃদ্ধিশালী আৰু অধিক গতিশীল কৰাৰ লক্ষ্য আগত ৰাখি অসমৰ বৰ্ণিল নাট্য সম্ভাৰক বিশ্বমুখী কৰাৰ বাবে অহৰহভাৱে নাট্যকৰ্মৰ লগত জড়িত হৈ থকা ভ্ৰাম্যমাণ থিয়েটাৰকে ধৰি বিভিন্ন স্তৰৰ অভিনেতা-অভিনেত্ৰী, গায়ক-গায়িকা, কলা-কুশলীসকলৰ ভৱিষ্যৎ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে এক আলোচনা অনুষ্ঠিত কৰা হয়।

লগতে উক্ত আলোচনাত এইসকল নাট্যকৰ্মীয়ে সময়ে সময়ে চিকিৎসাৰ ক্ষেত্ৰত সন্মুখীন হোৱা বিভিন্ন ধৰণৰ আৰ্থিক সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ অসম নাট্য সন্মিলনে কেতবোৰ যুগান্তকাৰী আঁচনি আৰু কাৰ্য্যব্যৱস্থা গ্ৰহণ কৰিছে। অসম নাট্য সন্মিলনৰ প্ৰধান সম্পাদক গিৰিধৰ ৰয় আৰু প্ৰচাৰ কোষৰ সভাপতি যুগান্ত বায়নে এই সন্দৰ্ভত প্ৰকাশ কৰা এটা বিবৃতি যোগে জনাইছে যে, ভাতৰ চৰকাৰৰ ৰাজ্যিক শ্ৰম মন্ত্ৰী ৰামেশ্বৰ তেলীৰ উদ্যোগত ভাৰত চৰকাৰে এই বিষয়টোক বাস্তৱ ৰূপ দিয়াৰ বাবে প্ৰাথমিক কাম কাজ আৰম্ভ কৰিছে।

যোৱা ২৪ মাৰ্চত অসম নাট্য সন্মিলনৰ সভাপতি কুমাৰ দীপক দাসৰ লগত নতুন দিল্লীৰ শাস্ত্ৰী ভৱনত হোৱা এক আলোচনাত মন্ত্ৰী গৰাকীয়ে এই তথ্য সদৰি কৰে। কেন্দ্ৰীয় চৰকাৰে ২০২০ চনৰ ১৯ ছেপ্টেম্বৰত প্ৰকাশিত ৰাজপত্ৰৰ জাননী মৰ্মে সংগঠিত আৰু অসংগঠিত সামাজিক আৰু সাংস্কৃতিক কাম কাজত জড়িত লোকসকলৰ সামাজিক নিৰাপত্তা সুনিশ্চিত কৰাৰ অৰ্থে অসমৰ নাট্য কৰ্মীসকলক ই.এছ.আই আৰু ই.পি.এফ আঁচনিত অন্তৰ্ভুক্ত কৰি চিকিৎসাজনিত সকলো দায়িত্ব কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰাৰ উপৰিও নাট্যকৰ্মী সকলৰ অৱসৰকালীন জীৱন-যাপনৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবে কেতবোৰ ব্যৱস্থা গ্ৰহণৰ বিষয়ে সক্ৰিয়ভাৱে বিবেচনা কৰি আছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে।

আলোচনাৰ সময়ত মন্ত্ৰীগৰাকীয়ে শীঘ্ৰেই এই বিষয়ত অসম নাট্য সন্মিলনৰ লগত এক বিতং আলোচনাত মিলিত হ'ব বুলি মতপোষণ কৰে। অসম নাট্য সন্মিলনে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে গ্ৰহণ কৰা কাৰ্য্য ব্যৱস্থাক আদৰণি জনোৱাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ড⁰ হিমন্ত বিশ্ব শৰ্মা আৰু সাংস্কৃতিক মন্ত্ৰী বিমল বৰাক এই সন্দৰ্ভত দৃষ্টি ৰাখিবলৈ আহ্বান জনায়।

নাট্য শিল্পীসকলৰ ভৱিষ্যৎ সুনিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় শ্ৰম মন্ত্ৰীৰে আলোচনা অসম নাট্য সন্মিলনৰ
কংগ্ৰেছ বিধায়কৰ উত্তাল প্ৰতিবাদ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in