'নগাওঁ, ধুবুৰীৰ ফলাফল জাতীয় জীৱনৰ অশনি সংকেট'- হিমন্ত বিশ্ব শৰ্মা

মুছলমানৰ সাম্প্ৰদায়িকতাবাদৰ বিৰুদ্ধে যুঁজাৰ কথা উল্লেখ
'নগাওঁ, ধুবুৰীৰ ফলাফল জাতীয় জীৱনৰ  অশনি সংকেট'- হিমন্ত বিশ্ব শৰ্মা
'নগাওঁ, ধুবুৰীৰ ফলাফল জাতীয় জীৱনৰ অশনি সংকেট'- হিমন্ত বিশ্ব শৰ্মা

ডিজিটেল ডেস্কঃ ''১০ লাখ ভোটৰ ব্যৱধানত ৰকিবুল হুছেইন জয়ী হোৱা বিষয়টো অসমৰ জাতীয় জীৱনৰ সন্মুখত অশনি সংকেট।'' এই মন্তব্য ড০ হিমন্ত বিশ্ব শৰ্মাৰ। লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে ৰাজ্যৰ ১৪ খন আসনৰ ফলাফলক লৈ বিজেপি, কংগ্ৰেছে দলীয় প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিজেপিয়ে ৯ খন, মিত্ৰদলে ২ খন আসনত জয়ী হোৱাক লৈ সুখী বিজেপি। একেদৰে ৩ খন আসনত জয়ী হৈয়ো সুখী কংগ্ৰেছ।

এনে পৰিস্থিতিৰ মাজতে আজি গোৱালপাৰাত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ মুখ্যমন্ত্ৰী ড০ শৰ্মাই ৰকিবুল হুছেইনৰ বিজয়ৰ সন্দৰ্ভত কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছে। তেওঁ কয়, ধুবুৰীত আজমলেও ১০ লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব পৰা নাছিল। এইবাৰ ধুবুৰীত ১০ লাখ ভোটত ৰকিবুল হুছেইন জিকিছে। ই আমাৰ জাতীয় জীৱনৰ সন্মুখত সংকট দেখুৱাইছে। নামনি অসম আৰু মধ্য অসমত জনগাঁথনিৰ পৰিৱৰ্তন কিমান ভয়াৱহ সেয়া প্ৰমাণ কৰিছে। নিৰ্বাচনত কোনোবা জিকিব, কোনোবা হাৰিব। কিন্তু নামনি, মধ্য অসম আৰু উত্তৰ অসমত আমি জীয়াই থাকিমনে নাই?

লগতে তেওঁ ধুবুৰীত ১০ লাখ ভোটৰ ব্যৱধানত ৰকিবুলৰ হুছেইনৰ বিজয়ক হুছেইনৰ ব্যক্তিগত জীৱনৰ বাবে ভাল হ'লেও জাতীয় জীৱনৰ বাবে সংকটৰ কাৰণ বুলিও উল্লেখ কৰিছে। তেওঁ এই নিৰ্বাচনৰ ফলাফলত সাম্প্ৰদায়িকতাবাদৰো গোন্ধ পাইছে। তেওঁ কয়, হিন্দু সমাজে এফালে ভোট দিলে কয় হিন্দুৱে সাম্প্ৰদায়িকতা কৰিলে। কিন্তু ১০ লাখ ভোটত লীড লৈছে ৰকিবুল হুছেইন। তাত এজনো হিন্দুৱে ভোট দিয়া নাই।

ইয়াৰোপৰি তেওঁ নগাওঁ, গুৱাহাটী লোকসভা সমষ্টিৰ ভোট বিভাজন বিশ্লেষণ কৰি কয়, নগাঁও লোকসভা সমষ্টিৰ গোটেইকেইটা হিন্দু সমষ্টিত বিজেপি দলে লীড লৈছে। কিন্তু লাহৰিঘাট, ধিং, ৰূপহী আৰু চামগুৰি এই চাৰিটা সমষ্টিত দুই-আঢ়ৈ লাখ ভোটত কংগ্ৰেছ দলক জিকাই দিছে।

এনে বিশ্লেষণৰ জৰিয়তে তেওঁ কয়, যদি অলপ প্ৰত্যাহ্বান নাথাকে, আমাৰ অসমৰ পৰিৱেশ কিমান ভয়াৱহ হ’ব পাৰে? গুৱাহাটী লোকসভা সমষ্টিত কংগ্ৰেছে চাৰিলাখ ভোট পাইছে। মানুহে ভাবিছে গুৱাহাটীয়ে ভোট দিছে। কিন্তু ভোট ক’ত পাইছে? গৰৈমাৰী, টুপামাৰী, এই উত্তৰ কামৰূপৰ মুছলমান অধ্যুষিত অঞ্চলবোৰত। তাৰ পৰা কংগ্ৰেছে ২ লাখ ২০ হাজাৰ ভোট পাইছে। বাকী গোটেই সমষ্টিত ১০-১২ হাজাৰ ভোট পাইছে।

আনহাতে গৌৰৱ গগৈৰ বিজয়ৰ প্ৰসংগত তেওঁ কয়, যোৰহাট সমষ্টিত পূৰ্বেও ভাল ফলাফল দেখুওৱা নাছিল বিজেপিয়ে। বিগত নিৰ্বাচনত প্ৰায় ৮০ হাজাৰমান ভোটৰ ব্যৱধানতহে বিজয়ী হৈছিল বিজেপি। বিধানসভা নিৰ্বাচনত সমষ্টিটোৰ অন্তৰ্গত ১০ খন বিধানসভা আসনৰ ভিতৰত ৬ খনতে হাৰিছিল। গতিকে যোৰহাট আগৰ পৰাই বিজেপিৰ বাবে কঠিন আছিল বুলিও কয় মুখ্যমন্ত্ৰী ড০ শৰ্মাই।

যোৰহাটত গৌৰৱ গগৈৰ এই বিজয়ৰ সন্দৰ্ভত তেওঁ পুনৰ কয়, যোৰহাটত কোনোবা জিকিছে আমাৰ মানুহেই জিকিছে। তাত কোনো সমস্যা নাই। কিন্তু নগাওঁ আৰু ধুবুৰী নিৰ্বাচনৰ ফলাফলে জাতীয় জীৱনৰ ভৱিষ্যৎ কিমান দুৰ্বল সেয়া আকৌ এবাৰ প্ৰমাণ কৰিলে। অসমীয়া মানুহ যে সাম্প্ৰদায়িক নহয় সেয়া যোৰহাটে প্ৰমাণ কৰিছে। লগতে তেওঁ এই কথাও কয় যে হিন্দু সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী জিকিল কিন্তু মুছলমান সমষ্টিত বিজেপিৰ প্ৰাৰ্থী নিজিকিল।

'নগাওঁ, ধুবুৰীৰ ফলাফল জাতীয় জীৱনৰ  অশনি সংকেট'- হিমন্ত বিশ্ব শৰ্মা
অসমত ৫ বিধানসভা আৰু ২ ৰাজ্যসভা আসনত হ'ব নিৰ্বাচন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in