অসমত ৫ বিধানসভা আৰু ২ ৰাজ্যসভা আসনত হ'ব নিৰ্বাচন...

বঙাইগাওঁ, চামগুৰি বিধানসভা সমষ্টিত দৃষ্টি থাকিব ৰাজ্যবাসীৰ
অসমত ৫ বিধানসভা আৰু ২ ৰাজ্যসভা আসনত হ'ব নিৰ্বাচন...
অসমত ৫ বিধানসভা আৰু ২ ৰাজ্যসভা আসনত হ'ব নিৰ্বাচন...

ডিজিটেল ডেস্কঃ অষ্টাদশ লোকসভা নিৰ্বাচন অন্ত পৰিল যদিও পুনৰ নিৰ্বাচনৰ বাবে সাজু হৈছে ৰাজনৈতিক দলসমূহ। অসমৰ ৫ টাকৈ বিধানসভা সমষ্টিৰ উপৰিও ২ খন ৰাজ্যসভাৰ আসনৰ বাবে শীঘ্ৰেই অনুষ্ঠিত হ'ব নিৰ্বাচন।

সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত অসমৰ পৰা নিৰ্বাচিত হোৱা ১৪ গৰাকী সাংসদৰ ভিতৰত ৫ জনেই বৰ্তমানৰ অসম বিধানসভাৰ সদস্য। ইয়াৰে এজনে অসম মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰী হিচাপেও দায়িত্ব পালন কৰি আছে।

সংসদলৈ নিৰ্বাচিত হোৱা এই ৫ বিধায়কৰ ভিতৰত আছে ঢলা সমষ্টিৰ বিধায়ক তথা পৰিবহন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত, চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন, কোকৰাঝাৰ সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী আৰু বঙাইগাওঁ সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰী।

ইয়াৰে পৰিমল শুক্লবৈদ্য শিলচৰ লোকসভা সমষ্টি, ৰঞ্জিত দত্ত শোণিতপুৰ লোকসভা সমষ্টি, ৰকিবুল হুছেইন ধুবুৰী লোকসভা সমষ্টি, জয়ন্ত বসুমতাৰী কোকৰাঝাৰ লোকসভা সমষ্টি আৰু ফণীভূষণ চৌধুৰী বৰপেটা লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছে।

আনহাতে ৰাজ্যসভাৰ সাংসদ সৰ্বানন্দ সোণোৱাল আৰু কামাখ্যা প্ৰসাদ তাছাও এইবাৰৰ লোকসভা নিৰ্বাচনত সাংসদ হিচাপে নিৰ্বাচিত হোৱাত অসমৰ ৰাজ্যসভাৰ দুখন আসন খালী হ'ল। সোণোৱালে ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা আৰু কামাখ্যা প্ৰসাদ তাছাই নৱ গঠিত কাজিৰঙা লোকসভা নিৰ্বাচনৰ পৰা নিৰ্বাচিত হৈছে।

এনে পৰিপ্ৰেক্ষিতত অসম বিধানসভাত ৫ খন আসনৰ উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাটো নিশ্চিত হোৱাৰ লগতে ৰাজ্যসভাৰো দুখন আসনৰ নিৰ্বাচন নিশ্চিত হৈ পৰিছে। এতিয়া স্বাভাৱিকতে প্ৰশ্ন উত্থাপিত হৈছে এই সমষ্টি কেইটাত কোনে, কাক প্ৰক্ষেপ কৰিব?

বিশেষকৈ বঙাইগাওঁ আৰু চামগুৰি বিধানসভা সমষ্টি দুটাৰ ওপৰত দৃষ্টি নিবদ্ধ থাকিব সকলোৰে। বঙাইগাওঁ বিধানসভা সমষ্টিৰ পৰা ধাৰাবাহিকভাৱে অসম বিধানসভালৈ নিৰ্বাচিত হৈ ইতিহাস সৃষ্টি কৰিছে ফণীভূষণ চৌধুৰীয়ে। সেইদৰেই চামগুৰি বিধানসভা সমষ্টি কংগ্ৰেছ তথা ৰকিবুল হুছেইনৰ দুৰ্গ। এই দুয়োটা সমষ্টি এতিয়া কাৰ হাতলৈ যায় সেয়া হ'ব লক্ষ্যণীয়।

আনহাতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত এছ চিৰ বাবে সংৰক্ষিত হোৱা বিহালী সমষ্টিত কংগ্ৰেছ, বিজেপিৰ প্ৰাৰ্থী কোন হয় সেয়া হ'ব লক্ষ্যণীয়। তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসে এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰি অসম বিধানসভালৈ ঘূৰি অহাৰ মন মেলাত তেওঁৰ স্থানত ৰঞ্জিত দত্তক দিল্লীলৈ পঠিয়ালে বিজেপিয়ে। কিন্তু বিহালী সমষ্টি সংৰক্ষিত হোৱাত পল্লৱ লোচন দাসে এই সমষ্টিত প্ৰতিদ্বন্দিতা কৰাৰ লৈয়ো অনিশ্চয়তাৰ সৃষ্টি হৈছে।

একেদৰে সৰ্বানন্দ সোণোৱাল আৰু কামাখ্যা প্ৰসাদ তাছাৰ স্থানত ৰাজ্যসভালৈ অসমৰ পৰা বিজেপিয়ে কাক প্ৰেৰণ কৰে সেয়াও হ'ব লক্ষ্যণীয়।

অসমত ৫ বিধানসভা আৰু ২ ৰাজ্যসভা আসনত হ'ব নিৰ্বাচন...
স্মৃতি ইৰাণীয়েই নহয়, মোডী মন্ত্ৰীসভাৰ ২২ মন্ত্ৰীৰ পৰাজয়...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in