মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল হ'ব নালাগিছিল, ব্যৰ্থতা স্বীকাৰ কৰিছো,দোষী সাৰি নাযাব- মুখ্যমন্ত্ৰী

যোৱা কিছুদিন ধৰি মেট্ৰিক পৰীক্ষাৰ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱাক লৈ ৰাজ্যৰ লোক সকল বহু উদ্বিগ্নতাৰে পাৰ কৰিছে।
himanta
himanta

ডিজিটেল ডেস্কঃ ''যোৱা কিছুদিন ধৰি মেট্ৰিক পৰীক্ষাৰ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱাক লৈ ৰাজ্যৰ লোক সকল বহু উদ্বিগ্নতাৰে পাৰ কৰিছে। মুখ্যমন্ত্ৰী হিচাপে অতি বিনম্ৰতাৰে অসমবাসীৰ ওচৰত ক'ব বিচাৰিছো মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল হ'ব নালাগিছিল। কৰবাত নহয় কৰবাত ই আমাৰ ব্যৰ্থতাকে সূচায়। মুখ্যমন্ত্ৰী হিচাপে ব্যৰ্থতাৰ দায়িত্ব স্বীকাৰ কৰিছো''- এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

অৱশেষত মুখ খুলিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যত মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাক লৈ যথেষ্ঠ বিতৰ্কৰ সৃষ্টি হৈছিল। কিন্তু মৌন হৈ আছিল মুখ্যমন্ত্ৰী শৰ্মা। বৃহস্পতিবাৰে বাজেট অধিৱেশনত ভাষণ প্ৰদান কৰি প্ৰথমবাৰৰ বাবে তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

তেওঁ কয় যে,ছেবাক আৰু অধিক সক্ৰিয় কৰি এনে ধৰে প্ৰশ্ন কাকত ফাদিল যাতে নহয় তাৰ বাবে পৰামৰ্শ দিম। মই ছাত্ৰ-ছাত্ৰী সকলক আহ্বান জনাব বিচাৰিছো যে তেওঁলোকে নতুন উদ্যমেৰে পৰীক্ষাত অৱতীৰ্ণ হওক। সকলক আহ্বান নতুন উদ্যমৰে পৰীক্ষাত অৱতীৰ্ণ হওক। আমি ভৱিষ্যতৰ দায়িত্ব আমাৰ।

তেওঁ কয় যে ,এই গোটেই ঘটনাৰ লগত অসমৰ এখন বিদ্যালয়ৰ এজন বিশেষ চেন্টাৰ ইনচাৰ্জ আৰু তেওঁৰ সহযোগী ৩-৪ জন শিক্ষক জড়িত আছিল।আমি আটাইখিনিক চিনাক্ত কৰিছো। সাক্ষী সকলৰ প্ৰমাণ সংগ্ৰহ কৰিব পাৰিছো। অসম আৰক্ষীয়ে নিৰ্দিষ্ট শিক্ষক জনক গ্ৰেপ্তাৰ কৰাৰ সক্ষম হোৱাৰ লগে লগে বিষয়টো অসমৰ ৰাইজক জনাবলৈ সক্ষম হ'ব আৰক্ষী।

শৰ্মাই লগতে কয় যে, শিক্ষক সমাজ যেতিয়া এনে কামত লিপ্ত হৈ পৰে ছেবা বা শিক্ষা মন্ত্ৰীৰ ভূমিকা কিমান গৌন সেয়া আমি দেখিব পাৰিছো। যাক আমি বিশ্বাস কৰি দায়িত্ব দিও যে শিক্ষাক উন্নতিৰ দিশলৈ লৈ যাব তেওঁলোকৰ এনে কামেৰ বাবে সমাজে গ্লানিৰ পৰ্যায়লৈ নিৰন্তৰ গতি কৰে।

তেওঁ ইমান দিনে কোনো প্ৰতিক্ৰিয়া ব্যক্ত নকৰা সন্দৰ্ভত কয় যে, মই নীৰৱে এইবাবে আছিলো যাতে মোৰ নিৰৱতাই অসম আৰক্ষীক কাম কৰাৰ সুবিধা দিয়ে। এই ঘটনাৰ লগত জড়িত থকা সকলক গ্ৰেপ্তাৰ কৰা হব। সাৰি যোৱাৰ ৰাস্তা নাই। গতিকে তেখেত সকলে আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰিব লাগে বুলি সকিয়নি প্ৰদান কৰে শৰ্মাই।

himanta
ঢকুৱাখনাৰ দুই ড্ৰাগছ সৰবৰাহকাৰীক ন্যায়িক জিম্মালৈ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in