ঢকুৱাখনাৰ দুই ড্ৰাগছ সৰবৰাহকাৰীক ন্যায়িক জিম্মালৈ

ঢকুৱাখনাৰ দুই ড্ৰাগছ সৰবৰাহকাৰীক ন্যায়িক জিম্মালৈ

: নিষিদ্ধ ঘোষিত আৰু মাৰাত্মক ড্ৰাগছৰ গোপন সৰবৰাহ কৰি আৰক্ষীৰ জালত পৰা ঢকুৱাখনাৰ দুই যুৱকক বৃহস্পতিবাৰে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ।

ডিজিটেল সংবাদ, ঢকুৱাখনা:  নিষিদ্ধ ঘোষিত আৰু মাৰাত্মক ড্ৰাগছৰ গোপন সৰবৰাহ কৰি আৰক্ষীৰ জালত পৰা ঢকুৱাখনাৰ দুই যুৱকক বৃহস্পতিবাৰে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে । ঢকুৱাখনা মহকুমাৰ সোনাৰী চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত কেঁকুৰী কঠালগুৰি গাঁওৰ দাংধৰা নদীৰ পাৰত এই নিষিদ্ধ বেহা মেলিবলৈ পাং পতা কেঁকুৰী কঠালগুৰি গাঁওৰ নবদ্বীপ মিলিৰ পুত্ৰ  ৰাহুল মিলি (২৫)  আৰু ভৃগু (ৰমেন) মিলিৰ পুত্ৰ জ্যোতি মিলি(২৪)ক বুধবাৰে সন্ধিয়া স্থানীয় মিচিং জাতিয় সংগঠন আৰু যুৱক সংঘই আটক কৰি আৰক্ষীক গতাই দিছিল ।

ঢকুৱাখনা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰা আৰু সোনাৰী চাপৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পুষ্প কমল বৰুৱাই ঘটনাস্থলীত উপস্থিত হৈ প্ৰায় ১.২২ মিলিগ্ৰাম ওজনৰ ৪ টা  ড্ৰাগছ ভৰ্তি কন্টেইনাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

পৰৱৰ্তী সময়ত আৰক্ষী বিষয়া বৰুৱাই ঢকুৱাখনা সদৰ থানাত ৰুজু কৰা এক গোচৰ (নং-৩৬/২০২৩)ৰ ভিত্তিত তদন্তকাৰী বিষয়া সিদ্ধাৰ্থ নাথে দুয়োজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। তাৰ পাছতে বৃহস্পতিবাৰে ঢকুৱাখনা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাই লখিমপুৰ জিলা ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে । উল্লেখ্য যে এই মাৰাত্মক ড্ৰাগছৰ ৰমৰমীয়া বেহাই মহকুমাটোৰ বিভিন্ন গ্ৰামাঞ্চলৰ যুৱ প্ৰজন্মক চানি ধৰা পৰিলক্ষিত হৈ আহিছে ।

ঢকুৱাখনাৰ দুই ড্ৰাগছ সৰবৰাহকাৰীক ন্যায়িক জিম্মালৈ
৯৩৫ কোটি টকাৰ ঘাটি বাজেট দাখিল বিত্তমন্ত্ৰীৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in