''অসম আৰক্ষী ইমান উগ্ৰ হোৱাৰ প্ৰয়োজন নাছিল'' সীমান্তৰ সংঘৰ্ষৰ ওপৰত মুখ্যমন্ত্ৰী শৰ্মাৰ প্ৰতিক্ৰিয়া

অসম-মেঘালয় সীমান্তত হোৱা সংঘৰ্ষই এতিয়া ৰাজ্য দুখনৰ পৰিস্থিতি উত্তপ্ত কৰি ৰাখিছে। মঙলবাৰে সীমান্তৰ সংঘৰ্ষত মুঠ ৬ জন লোকে প্ৰাণ হেৰুৱাইছিল। তাৰ পাছতেই পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিছিল।
''অসম আৰক্ষী ইমান উগ্ৰ হোৱাৰ প্ৰয়োজন নাছিল'' সীমান্তৰ সংঘৰ্ষৰ ওপৰত মুখ্যমন্ত্ৰী শৰ্মাৰ প্ৰতিক্ৰিয়া

ডিজিটেল ডেস্ক: অসম-মেঘালয় সীমান্তত হোৱা সংঘৰ্ষই এতিয়া ৰাজ্য দুখনৰ পৰিস্থিতি উত্তপ্ত কৰি ৰাখিছে। মঙলবাৰে সীমান্তৰ সংঘৰ্ষত মুঠ ৬ জন লোকে প্ৰাণ হেৰুৱাইছিল। তাৰ পাছতেই পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিছিল।

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই এই ঘটনাক তীব্ৰ গৰিহনা দি অসম চৰকাৰক দোষাৰোপ কৰিছিল। মেঘালয়ৰ উত্তপ্ত পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি কেইবাখনো জিলাত ইন্টাৰনেট সেৱা কৰ্তন কৰিছিল। বিষয়টোৰ ওপৰত মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে অহৰহ মত প্ৰকাশ কৰি থকা দেখা যায়।

ইয়াৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে নিহত সকলৰ পৰিয়াললৈ ৫ লাখ টকাৰ এককালীন সাহাৰ্য আগবঢ়াই। অন্যহাতে বুধবাৰে সংবাদ মাধ্যমৰ আগত এই ঘটনাক লৈ অসম আৰক্ষীৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰে।

তেওঁ কয় যে, এয়া অসম-মেঘালয় সীমা বিবাদ নহয়। এয়া অসম আৰক্ষী আৰু মেঘালয়ৰ এখন গাঁৱৰ লোকৰ মাজৰ সংঘাত।

লগতে কয় যে অসম আৰক্ষী ইমান উগ্র হোৱাৰ প্রয়োজন নাছিল। প্রয়োজনতকৈ অধিক গুলীচালনা কৰিলে আৰক্ষীয়ে। ইতিমধ্যে ন্যায়িক তদন্ত ঘোষণা কৰা হৈছে।

উল্লেখ্য যে, আজিও মেঘালয়ত অসমৰ বহু বাহন আৰু লোক আৱদ্ধ হৈ আছে। অন্যহাতে মঙলবাৰৰ ঘটনাক লৈ ইতিমধ্যে আৰক্ষীয়ে দুজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। মেঘালয়ৰ মুক্র’ কাণ্ডৰ দুই অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে জিৰিকিন্দিং আৰক্ষীয়ে । অভিযুক্ত মুক্র’ৰ গাঁওবুঢ়া হাম্বৈ আৰু জয়ন্তীয়া পাহাৰ জিলাৰ পৰিষদৰ সদস্য আইবৰ চাদাপৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে।

আৰু পঢ়ক: প্ৰেমৰ বাবে সনাতন ধৰ্ম গ্ৰহণ কৰি হিন্দু যুৱকৰ সৈতে বিবাহ-পাশত আৱদ্ধ মুস্কান খাতুন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in