'টকা দি চাকৰি লোৱাৰ দিন এতিয়া নাই'- হিমন্ত বিশ্ব শৰ্মা

'টকা দি চাকৰি লোৱাৰ দিন এতিয়া নাই'- হিমন্ত বিশ্ব শৰ্মা

author-image
Asomiya Pratidin
New Update
৩০০ আসন লাভেৰে পুনৰ প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোডী- হিমন্ত বিশ্ব শৰ্মা...

'টকা দি চাকৰি লোৱাৰ দিন এতিয়া নাই'- হিমন্ত বিশ্ব শৰ্মা

ডিজিটেল ডেস্কঃ অসম লোকসেৱা আয়োগৰ কেলেংকাৰীৰে জড়িত এজনৰ পাছত এজনকৈ ৰাজপত্ৰিত বিষয়াক বিশেষ তদন্তকাৰী গোটে জেৰা কৰাৰ লগতে কেইবাজনকো গ্ৰেপ্তাৰ কৰাৰ সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ এই বিষয়ে অধিক চৰ্চা নকৰিবলৈ আহ্বান জনাইছে।

Advertisment

তেওঁৰ মতে মিডিয়া আৰু বিৰোধীয়ে অসমত চাকৰিৰ বজাৰখন দেখুৱাই আছে। মিডিয়াই এই বিষয়ে যিমানেই লিখি থাকিব সিমানেই বিষয়টো চৰ্চাত থাকিব।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই এ পি এছ চি কেলেংকাৰীৰ প্ৰসংগত কৰা এক প্ৰশ্নৰ উত্তৰত কয়, ''এই বিষয়ে মই একো নকওঁ। এনে আলোচনা কৰি থাকিলে যুৱ প্ৰজন্ম হতাশ হয়। এই বিষয়ে ডি জি পিয়ে মন্তব্য কৰিব।''

ইয়াৰোপৰি তেওঁ অসমত এতিয়া চাকৰিৰ বজাৰ নাই বুলি উল্লেখ কৰি কয়, ''অসমত প্ৰৱঞ্চকৰ অভাৱ নাই। এতিয়াও একাংশই টকা ল'বলৈ অপেক্ষা কৰি আছে, প্ৰাৰ্থীসকলে টকা দিবলৈ সাজু হৈ আছে। কিন্তু এটা কথা স্পষ্ট, এতিয়া সেই দিন নাই।''

তেওঁ কয়, ''অসমত মিডিয়া আৰু বিৰোধীয়ে চাকৰিৰ বজাৰখন দেখাই দিয়ে। মিডিয়াই যিমানে লিখি থাকিব সিমানে বিষয়টো চৰ্চা হ’ব। আৰক্ষীয়ে নিজৰ কাম কৰি থাকিব। এতিয়া এ পি এছ চিৰ মৌখিক পৰীক্ষা চলি আছে, এই সময়ত এই বিষয়ত আলোচনা নকৰিব।''

Also Read: 'মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই স্বীকাৰ কৰিছে অসমৰ ৰাইজে তেওঁক ভোট নিদিয়ে'- ভূপেন বৰা...

হিমন্ত বিশ্ব শৰ্মা এ পি এছ চি