'মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই স্বীকাৰ কৰিছে অসমৰ ৰাইজে তেওঁক ভোট নিদিয়ে'- ভূপেন বৰা...

'মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই স্বীকাৰ কৰিছে অসমৰ ৰাইজে তেওঁক ভোট নিদিয়ে'- ভূপেন বৰা...
'মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই স্বীকাৰ কৰিছে অসমৰ ৰাইজে তেওঁক ভোট নিদিয়ে'- ভূপেন বৰা...

ডিজিটেল ডেস্কঃ ৫ ৰাজ্যৰ নিৰ্বাচনত কংগ্ৰেছৰ বিপৰ্যয়ৰ ছবিখন পুনৰবাৰ স্পষ্ট হৈ পৰাৰ পাছতো তললৈ নামিবলৈ আগ্ৰহী নহয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা (Bhupen Kumar Borah)। ৫ ৰাজ্যৰ নিৰ্বাচনৰ সৈতে অসমৰ কোনো সম্বন্ধ নাই বুলিয়েই প্ৰকাৰন্তৰে ক'বলৈ বিচৰা ভূপেন বৰাৰ মতে ৫ ৰাজ্যত কংগ্ৰেছ পৰাজিত হোৱা বিষয়টোৱে অসমত কংগ্ৰেছৰ কোনো ক্ষতি নকৰে। ইয়াৰেপৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা(Dr Himanta Biswa Sarma)ই অসমত বিজেপিক জয়ী কৰিব নোৱাৰে বুলিও তেওঁ কয়।

পৰাজয় অসমত হোৱা নাই- ভূপেন বৰা

বুধবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই সাংবাদিকৰে হোৱা মুখামুখীত এক প্ৰশ্নৰ উত্তৰত কয়, পৰাজয় অসমত হোৱা নাই। আন ৰাজ্যত পৰাজয় হ'লেই অসমতো কংগ্ৰেছৰ পৰাজয় অথবা আন ৰাজ্যত পৰাস্ত হ'লেই অসমতো পৰাস্ত হ'ব বুলি কোনো কথা নাই।

তেওঁ কয়, ''পৰাজয় অসমত হোৱা নাই।সেইবোৰ ৰাজ্যত জিলা হ'লে অসমত জিকিলো হয় বুলি কিবা কথা আছে নেকি? তাত জিকিলেই আমি অসমত জিকিব নোৱোৰো, তাত হাৰিলেই আমি অসমত হাৰিব নোৱাৰো।''

তেওঁ পুনৰ কয়, ''আমাৰ নিজাববীয়া প্ৰচেষ্টা, আমাৰ নিজাববীয়া ৰাজ্যখনৰ সমস্যা, নিজাববীয়া ইছ্যু আছে। সেইবোৰতহে নিৰ্বাচন অনুষ্ঠিত হ'ব।''

অসমত বিজেপিক মুখ্যমন্ত্ৰীয়ে জিকাব নোৱাৰে

৫ ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা(Dr Himanta Biswa Sarma)ৰ এক মন্তব্য টানি আনে। তেওঁ কয়, ''কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই ক'লে তেখেতক অসমৰ মানুহে ভোট নিদিয়ে। ভোট দিলে মোডী ডাঙৰীয়াকহে দিব। জিকিলে মোডী ডাঙৰীয়া জিকিব, হাৰিলে মোডী ডাঙৰীয়া জিকিব। অসমৰ মুখ্যমন্ত্ৰীয়ে অসমত বিজেপিক জিকাব নোৱাৰে নোৱাৰে বুলি অপকটে স্বীকাৰ কৰিছে।

৫ ৰাজ্যৰ ৪ ৰাজ্যতে চূড়ান্ত বিফল হ'ল কংগ্ৰেছ

কংগ্ৰেছে পূৰ্বৰে পৰা দাবী কৰি আহিছিল ৫ ৰাজ্যৰ ভিতৰত পাঁচোখন ৰাজ্যতে কংগ্ৰেছে চৰকাৰ গঠন কৰিব পাৰিব। এক্সিট পোলেও কংগ্ৰেছৰ সপক্ষে কৈছিল।

অৱশ্যে এক্সিট পোলে কংগ্ৰেছেক ২ ৰ পৰা ৩ খন ৰাজ্যত চৰকাৰ গঠন কৰিব পাৰিব বুলি প্ৰকাশ কৰিছিল। সেই অনুসৰিয়েই ভূপেন বৰাই অসমত ভোটগণনা আৰম্ভ হোৱাৰ পূৰ্বৰে পৰা চলাইছিল ভোজভাতৰ প্ৰস্তুতি।

পুৱা মহাভৈৰৱত উপস্থিত হৈ সেৱা গ্ৰহণ কৰাৰ সমান্তৰালকৈ তেজপুৰস্থিত জিলা কংগ্ৰেছৰ কাৰ্যালয়ত ভোজভাতৰ আয়োজন কৰিছিল। কিন্তু ভোটগণনা আৰম্ভ হোৱাৰ পাছতে কংগ্ৰেছৰ চূড়ান্ত বিপৰ্যয়ৰ দিশটো উন্মোচিত হয়।

তেলেংগানাত দলটোৱে বিজয় সাব্যস্ত কৰিলে যদিও তেওঁলোকে হেৰুৱালে ৰাজস্থান আৰু ছত্তিশগড়ত থকা চৰকাৰ। মধ্যপ্ৰদেশতো পুনৰ আহিল বিজেপিৰ চৰকাৰ। মিজোৰামত লাভ কৰিলে মাত্ৰ এখন আসন।

'মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই স্বীকাৰ কৰিছে অসমৰ ৰাইজে তেওঁক ভোট নিদিয়ে'- ভূপেন বৰা...
Parliament Winter Session: হঠাৎ পদত্যাগ কেন্দ্ৰীয় মন্ত্ৰীসহ বিজেপিৰ ১০ সাংসদৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in