এটা গছপুলি ৰোপন কৰিলে লাভ কৰিব ১০০ ৰ পৰা ২০০ টকা পৰ্যন্ত!

এটা গছপুলি ৰোপন কৰিলে লাভ কৰিব ১০০ ৰ পৰা ২০০ টকা পৰ্যন্ত!

ডিজিটেল ডেস্কঃ এইবাৰ গছপুলি ৰোপনেৰে বিশ্ব অভিলেখ গঢ়াৰ দিশে অসম। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে ২ অক্টোবৰত ৰাজ্যত ৰোপন কৰা হ'ব ১ কোটি গছপুলি।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ২ অক্টোবৰত জাতিৰ পিতা মহাত্মা গান্ধীক স্মৰণ কৰি সমগ্ৰ ৰাজ্যতে ১ কোটি গছপুলি ৰোপন কৰা হ'ব। পুৱা ৯ বজাৰ পৰা ১১ বজাৰ ভিতৰত এই গছপুলি ৰোপন কাৰ্যসূচী সমাপন কৰা হ'ব। তদুপৰি গছপুলি জোপা প্ৰতিপালন কৰাৰ বাবে চৰকাৰে প্ৰতিগৰাকী ব্যক্তিকেই দিব ১০০ টকাকৈ।

ইয়াৰ লগতে শৰ্মাই কয় যে, যদিহে ৩ বছৰ গছপুলি জোপা জীয়াই থাকে তেন্তে আৰু ২০০ টকা উপহাৰা হিচাপে আগবঢ়োৱা হ'ব গছপুলি জোপাৰ গৰাকীক। উল্লেখ্য় যে, ৰাজ্যৰ বিভিন্ন স্থানত চৰকাৰে উন্নয়নৰ নামত গছপুলি কাটি তহিলং কৰিছে। তেনে ক্ষেত্ৰত এই গছপুলি ৰোপন কৰা কাৰ্যসূচী বাৰুকৈয়ে আদৰণীয়।

কিন্তু এই গছপুলি ৰোপন কাৰ্যসূচী হৈ যোৱাৰ পাছতহে গ'ম পোৱা যাব এয়া ভাল পদক্ষেপ নে ভেকোভাওনা। তদুপৰি ঋণত ডুব গৈ থকা চৰকাৰখনে গছপুলি ৰোপনৰ নামতো যে হিতাধিকাৰী সৃষ্টি কৰিবলৈ ওলাইছে সেই বিষয়টো চিন্তনীয়।

এটা গছপুলি ৰোপন কৰিলে লাভ কৰিব ১০০ ৰ পৰা ২০০ টকা পৰ্যন্ত!
গুৰুকুল গ্ৰামাৰ স্কুলৰ ছাত্ৰৰ প্ৰহাৰত আহত অভিভাৱক, সাংবাদিককো প্ৰহাৰ বিদ্যালয় কৰ্তৃপক্ষৰ

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in