/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/48e458ef-cfba-4a01-82cf-1adf5e53784c/jadeja.jpg)
দীৰ্ঘ বিৰতিৰ পাছত দুৰ্দান্ত প্ৰত্যাৱৰ্তন ছাৰ জাডেজাৰ
ডিজিটেল ডেস্কঃ আঘাতৰ বাবে যোৱা বৰ্ষৰ আগষ্ট মাহৰ পৰা খেলপথাৰৰ বাহিৰত আছিল ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাডেজা। যাৰ বাবে খেলিব পৰা নাছিল ভালেকেইখন গুৰুত্বপূৰ্ণ মেচ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/0291a2a5-e8c3-4221-b4c4-04ffb5c3b53f/download.jpg)
দেশৰ ভিন্ন চহৰত চলি আছে বি চি চি আইৰ দ্বাৰা আয়োজিত ঘৰুৱা ক্ৰিকেট প্ৰতিযোগিতা ৰঞ্জী ট্ৰফী। গ্ৰুপ মেচসমূহৰ অন্তিমখন মেচ ২৪ জানুৱাৰীৰ পৰা সৌৰাষ্ট্ৰ আৰু তামিলনাডুৰ মাজত অনুষ্ঠিত হৈছে। সৌৰাষ্ট্ৰৰ অধিনায়ক জয়দেৱ উনাডকড়ৰ ঠাইত দলৰ নেতৃত্ব প্ৰদান কৰে ৰবীন্দ্ৰ জাডেজাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/a2c60aa2-465b-4594-b27f-64eb162f73f4/download.jpg)
উল্লেখ্য যে, ২০১৮ চনৰ পৰা সৌৰাষ্ট্ৰৰ ক্ৰিকেটাৰ জাডেজাই ৰঞ্জী ট্ৰফীত খেলা নাছিল। কিন্তু আঘাতৰ বাবে জাতীয় দলৰ পৰা বাদ পৰি থকা জাডেজাই ৰঞ্জী ট্ৰফীৰ যোগেদি সুস্থতাৰ প্ৰমাণ দিব বিছাৰিছে। সেয়ে গ্ৰুপৰ অন্তিমখন মেচত সৌৰাষ্ট্ৰৰ শিবিৰত যোগ দিয়ে অলৰাউণ্ডাৰ জাডেজাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/1941abbe-2fdd-43a7-93db-6493a58a1f13/download.jpg)
তামিলনাডুৰে হোৱা মেচখনত তেওঁ প্ৰথম ইনিংছত ১টা আৰু দ্বিতীয় ইনিংছত ৭টাকৈ উইকেট দখল কৰি দুৰ্দান্ত প্ৰদৰ্শন কৰে। আঘাতৰ বাবে দীৰ্ঘদিন জাতীয় দলৰ পৰা আঁতৰি থকা জাডেজা সুস্থতাৰ প্ৰমাণ দিবলৈ এইখনেই গুৰুত্বপূৰ্ণ মেচ।