১০৫ কোটিটকীয়া কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ গুৰুত্বপূৰ্ণ মন্তব্য...

ৰাজ্য জোকাৰি যোৱা এছ চি ই আৰ টি কেলেংকাৰীত এজনৰ পাছত সিজন মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ জালক পৰিছে।

author-image
Asomiya Pratidin
New Update
১০৫ কোটিটকীয়া কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ গুৰুত্বপূৰ্ণ মন্তব্য...

ডিজিটেল ডেস্কঃ ৰাজ্য জোকাৰি যোৱা এছ চি ই আৰ টি কেলেংকাৰীত এজনৰ পাছত সিজন মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ জালক পৰিছে। এই কেলেংকাৰীৰ লগত সাংবাদিক, আৰটিআই কৰ্মী আৰু ৰাজনৈতিক নেতাৰ নামো সাঙোৰ খাইছে।

এই কেলেংকাৰীত ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে সাংবাদিক পূজামণি দাস, ভাস্কৰ হাজৰিকা, আৰটিআই কৰ্মী অনুপ শইকীয়া আৰু ৰবিজিত গগৈ। শেহতীয়াকৈ এই কেলেংকাৰীত নাম সাঙোৰ খোৱা ৰাজনৈতিক নেতা বিদ্যুৎ কলিতালৈ মুখ্যমন্ত্ৰী তদাৰকী কোষে প্ৰেৰণ কৰিছে চমন।

এই কেলেংকাৰীত আৰু বহু ৰৌ-বৰালী জালত পৰাৰ সম্ভাৱণা আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা অনুসৰি এই কেলেংকাৰীত ১২ জন সাংবাদিক আৰু আৰ টি আই কৰ্মী জড়িত আছে। এই কেইজন অভিযুক্তলৈ চৰকাৰৰ একাউন্টৰ টকা বেংক টু বেংক ট্ৰান্সফাৰ হৈছিল। কেৱল ইমানেই নহয় এই কেলেংকাৰীত ৰাজনৈতিক নেতাকৰ্মীও জড়িত আছে বুলি কয় মুখ্যমন্ত্ৰীয়ে।

উল্লেখ্য যে, আই এ এছ বিষয়া শেৱালী দেৱীয়ে কন্য়া, জোঁৱাইৰ সৈতে লগ-লাগি বৃহৎ কেলেংকাৰী সংঘটিত কৰিছিল। পলায়ন কৰি থকা শেৱালী দেৱীক পৰৱৰ্তী সময়ত ৰাজস্থানৰ এখন হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰিছিল। তেওঁৰ সৈতে গ্ৰেপ্তাৰ কৰিছিল জোঁৱায়েকসহ আন দুজনকো। সমান্তৰালকৈ গ্ৰেপ্তাৰ কৰি জে'ললৈ প্ৰেৰণ কৰিছিল শেৱালী দেৱী শৰ্মাৰ জীয়ৰীকো।

শেৱালী দেৱীৰ জেৰাতে পোহৰলৈ আহে যে এই কেলেংকাৰীৰ সময়চোৱাত শেৱালী দেৱীক ব্লেকমেইল কৰি দাবী কৰা ধন আদায় কৰিছিল সাবাদিক, আৰ টি আই কৰ্মী কেইগৰাকীয়ে। এই কেলেংকাৰীত প্ৰতিষ্ঠিত সংবাদ মাধ্যমৰ সাংবাদিকো জড়িত থকাৰ অভিযোগ আছে।

Also Read: কিয় অশান্ত হ'ল মণিপুৰ?

himanta biswa sarma