জাপানত ভূমিকম্পঃ চুনামীৰ সতৰ্কবাণী জাৰি...

জাপানত ভূমিকম্পঃ চুনামীৰ সতৰ্কবাণী জাৰি...

author-image
Asomiya Pratidin
New Update
জাপানত ভূমিকম্পঃ চুনামীৰ সতৰ্কবাণী জাৰি...

জাপানত ভূমিকম্পঃ চুনামীৰ সতৰ্কবাণী জাৰি...

ডিজিটেল ডেস্কঃ নৱবৰ্ষৰ প্ৰথমটো দিনতে জাপানত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি। সোমবাৰে উত্তৰ মধ্য জাপনক জোকাৰি যায় ৭.৬ প্ৰাবল্যৰ ভূমিকম্পই। ফলত জাপানৰ সাগৰীয় পশ্চিম উপকূলৰ কিছু অংশত প্ৰায় ১ মিটাৰ উচ্চতাৰ চুনামীয়ে আঘাত কৰিছে। ইফালে ভূমিকম্পৰ ফলত বহু আৱাসগৃহৰ ক্ষতিৰ বাতৰি আহিছে।

Advertisment

জাপানৰ বতৰ বিজ্ঞান কেন্দ্ৰই উপকূলীয় অঞ্চলকসমূহলৈ সতৰ্কবাণী জাৰি কৰা চুনামীৰ সম্ভাৱনীয়তাৰ কথা উল্লেখ কৰিছে। বিশেষকৈ ইছিকাৱা, নিইগাটা আৰু ট'য়ামাত চুনামীৰ সতৰ্ক জাৰি কৰিছে। ইয়াৰোপৰি আগন্তুক সময়ত আৰু অধিক ভূমিকম্পৰো আশংকা কৰা হৈছে।

Also Read: বছৰৰ প্ৰথম দিনটোতে কলিয়াবৰ মহকুমা পুথিভঁৰালৰ "পুথিভঁৰাললৈ গৈ কিতাপ পঢ়ো আহক" শীৰ্ষক অনুষ্ঠান...