Advertisment

২০২৬ চনলৈ অসম কংগ্ৰেছত এজনো হিন্দু মানুহ নাথাকিবঃ হিমন্ত বিশ্ব

ইয়াৰ মাজতে শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ২০২৬ চনলৈ অসম কংগ্ৰেছত এজনো হিন্দু মানুহ নাথাকে আৰু ২০৩২ চনলৈ প্ৰায় সকলো মুছলিম লোক এই দলৰ পৰা বাহিৰ হৈ যাব।

author-image
Asomiya Pratidin
New Update
২০২৬ চনলৈ অসম কংগ্ৰেছত এজনো হিন্দু মানুহ নাথাকিবঃ হিমন্ত বিশ্ব

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত অব্যাহত আছে বোকা চটিওৱাৰ ৰাজনীতি। প্ৰতিটো দলেই পৰস্পৰক কৰি গৈছে তৰল মন্তব্য। ধৰ্মকেন্দ্ৰিক ৰাজনীতিও পিছ পৰি ৰোৱা নাই নিৰ্বাচনী প্ৰচাৰত।

Advertisment

ইয়াৰ মাজতে শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ২০২৬ চনলৈ অসম কংগ্ৰেছত এজনো হিন্দু মানুহ নাথাকে আৰু ২০৩২ চনলৈ প্ৰায় সকলো মুছলিম লোক এই দলৰ পৰা বাহিৰ হৈ যাব। আমি এটা ব্ৰাঞ্চ খুলিম, যাক 'মহানগৰ বিজেপি' বুলি কোৱা হ'ব। এই সয়মচোৱাত বহ কংগ্ৰেছ নেতাই বিজেপিত যোগদান কৰিব।

তেওঁ কয়, গুৱাহাটীৰ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত ১২৬ টা বিধানসভা সমষ্টিৰ এখন বৈঠক অনুষ্ঠিত হৈছিল। শনিবাৰে তিনিজন কংগ্ৰেছ সদস্যই বিজেপিত যোগদান কৰে। আনসকলে দেওবাৰে বিজেপিত যোগদান কৰিব। মই মাজুলীলৈ যাম আৰু ১ এপ্ৰিলত চাইকেল ৰেলীৰে তাত মোৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিম।

ৰাজ্যত মুছলিমসকলৰ বিকাশৰ ক্ষেত্ৰত তেওঁ কয় যে, মই তেওঁলোকৰ সমাজখন শুধৰণি কৰাৰ বাবে চেষ্টা কৰি আছো। বহু মুছলমান যুৱকে মোৰ সমৰ্থন কৰি আছে। আপোনালোকে ফেচবুকত চাব পাৰে, তেওঁলোকে মোক সকলোৱে স্বাগতম জনায়। কোনোৱে মোৰ বিৰোধ নকৰে।

৩ গগৈ সন্দৰ্ভত মন্তব্য প্ৰদান কৰি শৰ্মাই কয় যে, এই ৩ গগৈৰ মনত কি চলি আছে বুজা টান। কোনে কাক লেং মাৰিব বুজা টান। কিন্তু এটা ঠিক আগন্তুক বিধানসভা নিৰ্বাচনত ১২৬ খন আসনৰ ভিতৰত বিজেপিয়ে ১০৫ খন পাব।

Also Read: দপদপকৈ জ্বলি উঠিল এখন মালভৰ্তি মিনি ট্ৰাক

bjp himanta biswa sarma congress