"২০২৪ত উত্তৰ-পূৰ্বাঞ্চলত বিজেপিয়ে লাভ কৰিব ২২খন আসন"-হিমন্ত বিশ্ব শর্মা

"২০২৪ত উত্তৰ-পূৰ্বাঞ্চলত বিজেপিয়ে লাভ কৰিব ২২খন আসন"-হিমন্ত বিশ্ব শর্মা

author-image
Asomiya Pratidin
New Update
থলুৱা কৃষকৰ পৰা পূৰ্বতকৈ অধিক পৰিমাণে ধান, সৰিয়হ ক্ৰয় কৰিব অসম চৰকাৰে...

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ডিজিটেল ডেস্কঃ অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই অহা বছৰ অনুষ্ঠিত হ’বলগীয়া লোকসভা নির্বাচন সন্দর্ভত এক বৃহৎ মন্তব্য কৰিছে৷ দেওবাৰে  বিজেপি মহিলা মৰ্চাৰ দুদিনীয়া ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাৰ সামৰণি অনুষ্ঠানত উপস্থিত হৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁট চৰকাৰে কেন্দ্ৰত কৰা উন্নয়নমূলক কামৰ বাবেই অহা বছৰ লোক সভাৰ নিৰ্বাচনত উত্তৰ-পূৰ্বাঞ্চলৰ ২৫খন আসনৰ ভিতৰত বিজেপিয়ে ২২খন আসন লাভ কৰিব।

মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, মহিলাসকলৰ সুবিধাৰ্থে চলাই থকা বিভিন্ন আঁচনিৰ সুবিধা নিম্নস্তৰলৈকে উপলব্ধ হৈছে। লগতে তেওঁ দাবী কৰে যে, কংগ্ৰেছৰ শাসনকালত এনে হোৱা নাছিল।

বিজেপি মহিলা মৰ্চাৰ দুদিনীয়া কাৰ্যনিৰ্বাহক সভাত ভাষণ দি তেওঁ কয় যে, বৰ্তমান ৰাইজে যি উত্তৰ-পূব দেখিছে সেয়া ২০১৪ চনৰ আগতে এনেকুৱা নাছিল। পৰিবহণ খণ্ডৰ পৰিৱৰ্তন হৈছে যিটো অৰুণাচল প্ৰদেশৰ দৰে ৰাজ্যত দেখা যায়। বিভিন্ন স্থানলৈ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগে বিজেপিৰ কামৰ নিদৰ্শন দৰ্শায়।

হিমন্ত বিশ্ব শৰ্মাই কয় যে, গাওঁসমূহত ব্যাপক পৰিসৰত বিদ্যুতৰ কাম চলি আছে আৰু এই অঞ্চলত বহু শিক্ষানুষ্ঠানো মুকলি হৈছে। এতিয়া উত্তৰ-পূর্বাঞ্চলে মূলসুঁতিত যোগ দিছে৷ তেওঁ লগতে কয় যে, এই অঞ্চলৰ মানুহে এতিয়া আৰু দেশৰ অন্য প্ৰান্তত কোনো ধৰণৰ জাতিগত বৈষম্যৰ সন্মুখীন নহয়। এই সকলোবোৰ কথাৰ আধাৰত তেওঁ বিশ্বাসী যে, উত্তৰ-পূবৰ ২৫খন আসনৰ ভিতৰত বিজেপিয়ে ২২খন আসন লাভ কৰিব।

Also Read: “১০ দিনৰ ভিতৰত গ্ৰেপ্তাৰ হ’ব বাল্যবিবাহৰ লগত জড়িত ৩০০০ লোক”- হিমন্ত বিশ্ব শৰ্মা

assam himanta biswa sarma