“১০ দিনৰ ভিতৰত গ্ৰেপ্তাৰ হ’ব বাল্যবিবাহৰ লগত জড়িত ৩০০০ লোক”- হিমন্ত বিশ্ব শৰ্মা

“১০ দিনৰ ভিতৰত গ্ৰেপ্তাৰ হ’ব বাল্যবিবাহৰ লগত জড়িত ৩০০০ লোক”- হিমন্ত বিশ্ব শৰ্মা

ডিজিটেল ডেস্কঃ অসমত বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে ধাৰাবাহিকভাৱে ব্যৱস্থা গ্ৰহণ কৰি আহিছে। বিজেপি মহিলা মৰ্চাৰ দুদিনীয়া ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাৰ সামৰণি অনুষ্ঠানত উপস্থিত হৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাল্য বিবাহ কৰা লোকসকলক পুনৰবাৰ সকীয়াই দিয়ে। মুখ্যমন্ত্ৰী শৰ্মাই দেওবাৰে কয় যে, আগন্তুক ১০ দিনৰ ভিতৰত ৰাজ্যত বাল্যবিবাহৰ লগত জড়িত ৩০০০ লোকক গ্ৰেপ্তাৰ কৰা হ’ব।

হিমন্ত বিশ্ব শৰ্মাই কয় যে, তেওঁ মাত্ৰ জি-২০ শীৰ্ষ সন্মিলনৰ সামৰণিৰ বাবে অপেক্ষা কৰি আছে। শীৰ্ষ সন্মিলন শেষ হোৱাৰ লগে লগে তেওঁ দ্বিতীয় পৰ্যায়ৰ কাৰ্য্যসূচী আৰম্ভ কৰিব। তেওঁ লগতে কয় যে, মাত্ৰ ছমাহ পূৰ্বে অসমত বাল্য বিবাহৰ বাবে ৫ হাজাৰ লোকক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু জি-২০ সন্মিলন সম্পূৰ্ণ নোহোৱালৈকে এই গ্ৰেপ্তাৰ কাৰ্যসূটী বন্ধ কৰি দিয়া হৈছিল। অহা ১০ দিনৰ ভিতৰত পুনৰ বাল্য বিবাহৰ সৈতে জড়িত গোচৰত ২০০০ৰ পৰা ৩০০০ লোকক গ্ৰেপ্তাৰ কৰা হ’ব।

মুখ্যমন্ত্রীগৰাকীয়ে কয় যে, ৰাজ্যত সামাজিক বিপদ অটুট থাকিলে কোনো বিশেষ শ্ৰেণীৰ কন্যাই কেতিয়াও উন্নতিৰ সুযোগ নাপাব৷ তেওঁ লগতে কয় যে, বহুতে বিজেপিক মুছলমান বিৰোধী বুলি কয়। কিন্তু বিজেপিয়ে ত্ৰিপুল তালাক, বহুবিবাহ আৰু বাল্যবিবাহক নিৰ্মূল কৰাৰ প্ৰচেষ্টাৰ জৰিয়তে উৎকৃষ্ট কাম কৰিছে। বিজেপিয়ে যিকোনো কংগ্ৰেছ চৰকাৰতকৈ মুছলমানৰ বাবে অধিক কাম কৰিছে বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে, বহু মুছলমান দেশত ইতিমধ্যে এনেধৰণৰ কু-অভ্যাস নাইকিয়া হৈছে। কিন্তু ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীয়ে ভাৰতত এই প্ৰথাসমূহ বিলুপ্ত কৰাৰ বিৰোধিতা কৰিছে। ডিচেম্বৰৰ ভিতৰত অসম চৰকাৰে ৰাজ্যত বহুবিবাহ নিষিদ্ধ কৰাৰ বাবে আইন আনিব বুলিও নিশ্চিত কৰিছে মুখ্যমন্ত্রীয়ে৷

মে’ মাহত অসমৰ ৰাজ্য চৰকাৰে আইনৰ জৰিয়তে বহুবিবাহৰ অন্ত পেলাবলৈ এক বিশেষজ্ঞ সমিতি গঠন কৰিছিল। ভাৰতীয় সংবিধানৰ ২৫ নং অনুচ্ছেদৰ সৈতে পঢ়া মুছলিম ব্যক্তিগত আইন (শ্বৰিয়ত) অধিনিয়ম, ১৯৩৭ পৰীক্ষা কৰিবলৈ কোৱা হৈছিল পেনেলক। ৮ জুনত দাখিল কৰা প্ৰতিবেদনত পেনেলে কয় যে, ৰাজ্যখনৰ বহুবিবাহ বন্ধ কৰিবলৈ আইন প্ৰণয়নৰ ক্ষমতা আছে।

“১০ দিনৰ ভিতৰত গ্ৰেপ্তাৰ হ’ব বাল্যবিবাহৰ লগত জড়িত ৩০০০ লোক”- হিমন্ত বিশ্ব শৰ্মা
দেশজুৰি পালন কৰা হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in