
ডিজিটেল ডেস্কঃ সাংবাদিক হ'ল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কন্যা। ৰিপাব্লিক টিভিত দেখা পোৱা গ'ল ড০ শৰ্মাৰ একমাত্ৰ কন্যা সুকন্যাক। সাংবাদিকতাৰ শিক্ষা সাং কৰাৰ পাছত ৰাষ্ট্ৰীয় বাতৰি চেনেল ৰিপাব্লিক টিভিত ইণ্টাৰশ্বিপ সম্পূৰ্ণ কৰিছিল সুকন্যাই।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে শ্বেয়াৰ কৰিছে কন্যাৰ এটা বাতৰি। এই বাতৰিটোত দেখা পোৱা গৈছে মুখ্যমন্ত্ৰীৰ কন্যাই অতি দক্ষতাৰে যমুনা নদীৰ প্ৰদূষণৰ সন্দৰ্ভত বিস্তৃত্ব ভাৱে বৰ্ণনা কৰিছে। পিটিচিও দিছে সুকন্যাই।
২০০৩ চনৰ ৩০ অক্টোবৰত জন্ম হোৱা সুকন্যা এতিয়া ২১ বছৰীয়া তৰুণী। ঘৰত আৰ্হি নামেৰে পৰিচিত সুকন্যাই সংবাদ ক্ষেত্ৰত প্ৰৱেশ কৰাৰ খবৰ তেওঁৰ মাতৃ ৰিণিকি ভূঞা শৰ্মায়ো সামাজিক মাধ্যমৰ জৰিয়তে শ্বেয়াৰ কৰিছে।
সাধাৰণতে দেখা পোৱা যায়, ৰাজনীতিক আৰু ক্ষমতাশালী নেতাৰ পুত্ৰ-কন্যাই সংবাদ ক্ষেত্ৰত প্ৰায় প্ৰৱেশ নকৰে। কিন্ত এই ক্ষেত্ৰত ব্যতিক্ৰম সুকন্যা।
উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ পত্নীও সংবাদ মাধ্যমৰে জড়িত। আজমেৰ মায়' স্কুলৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰা সুকন্যাই ২০২০ চনত আই এ এছ চি পৰীক্ষা উত্তীৰ্ণ হৈছিল। ৮৮.৮ শতাংশ নম্বৰেৰে সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল সুকন্যা।