ইণ্টাৰকণ্টিনেণ্টেল কাপত লেবাননক পৰাস্ত কৰি ভাৰত চেম্পিয়ন..

ইণ্টাৰকণ্টিনেণ্টেল কাপত লেবাননক পৰাস্ত কৰি ভাৰত চেম্পিয়ন..
ইণ্টাৰকণ্টিনেণ্টেল কাপত লেবাননক পৰাস্ত কৰি ভাৰত চেম্পিয়ন..

ডিজিটেল ডেস্কঃ ক্ৰিকেট জ্বৰত আক্ৰান্ত দেশত ফুটবলৰ খবৰ ৰাখে কোনে? বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত পৰাস্ত আৰু ৱেষ্ট ইণ্ডিজ ভ্ৰমণক লৈ ব্যস্ত থকা ক্ৰিকেট অনুৰাগীয়ে খবৰ ৰাখিছেনে ভাৰতীয় ফুটবলৰ?

ইতিহাস সৃষ্টি কৰি ভাৰতীয় ফুটবল দলটোৱে পুনৰ বাৰ দখল কৰিলে ইণ্টাৰ কণ্টিনেণ্টেল কাপ। সুনীল চেত্ৰীৰ নেতৃত্বত ভাৰতীয় ফুটবল দলটোৱে দখল কৰিলে এই খিতাপ।

১৮ জুনৰ সন্ধিয়া ৭-৩০ বজাৰ পৰা অনুষ্ঠিত হৈ যোৱা এই মেচখনক লৈ অৱশ্যে এতিয়ালৈ বৰ বিশেষ আৰম্ভ হোৱা নাই চৰ্চা। তাৰ মাজতেই অৱশ্যে বহুতেই আকৌ ভাৰতীয় দলটোক ইয়াৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে।

২০১৮ ত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা ইণ্টাৰ কণ্টিনেণ্টেল কাপৰ উদ্বোধনী বৰ্ষতেই কেনিয়াক পৰাস্ত কৰি চেম্পিয়ন হৈছিল ভাৰত। ইয়াৰ পৰৱৰ্তী সময়ত এই ট্ৰফী দখল কৰিছিল উত্তোৰ কোৰিয়াই। সেইবাৰ ভাৰতৰ স্থান আছিল চতুৰ্থ।

এই নতুন টুৰ্ণামেণ্টখনৰ তৃতীয় সংস্কৰণত পুনৰ সুনীল চেত্ৰী নেতৃত্বাধীন ভাৰতীয় দলটোৱে চেম্পিয়ন হোৱাৰ গৌৰৱ অৰ্জন কৰিলে। এইবাৰ গোটেই টুৰ্ণামেণ্টত অপৰাজিত হৈ থাকিল ভাৰত।

লেবাননৰ বিৰুদ্ধে চূড়ান্ত মেচখনৰ প্ৰথমাৰ্ধত ভাৰতীয় দলটোৱে গ’ল কৰাত অসমৰ্থ হয় যদিও দ্বিতীয়াৰ্ধত আক্ৰমণাতমক হৈ উঠে। ২-০ ব্যৱধানত ভাৰতে পৰাস্ত কৰে প্ৰতিপক্ষ লেবাননক।

উল্লেখ্য ইয়াৰ পূৰ্বে মুঠ চাৰিবাৰৰ ভিতৰত ৩ বাৰেই ভাৰতক পৰাস্ত কৰিছিল লেবাননে। ১৯৭৭ চনতেই শেষ বাৰৰ বাবে লেবাননক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল ভাৰতে। চলিত টুৰ্ণামেণ্টৰ গ্ৰুপ পৰ্যায়তো লেবাননৰ বিৰুদ্ধে খেলা এখন মেচ অমীমাংসিত ভাৱেই ৰৈছিল।

ইণ্টাৰ কণ্টিনেণ্টেল কাপত চূড়ান্ত বিজয়ীৰ খিতাপ দখল কৰা ভাৰতৰ সন্মুখত আছে এতিয়া এ এফ চি এছিয়া কাপ। এই গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাখনৰ বাবেও ভাৰত হৈ পৰিছে আত্মবিশ্বাসী।

ইণ্টাৰকণ্টিনেণ্টেল কাপত লেবাননক পৰাস্ত কৰি ভাৰত চেম্পিয়ন..
কোহলি, ৰোহিত, ৰাহুল আউট ! যশস্বী, ৰিংকু ইন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in