৩৯ লাখ মহিলাক ৰাজ্য চৰকাৰে দিব ১০ হাজাৰকৈঃ নিৰ্দিষ্ট এটা দিনতেই ল'ব লাগিব প্ৰ-পত্ৰ

৩৯ লাখ মহিলাক ৰাজ্য চৰকাৰে দিব ১০ হাজাৰকৈঃ নিৰ্দিষ্ট এটা দিনতেই ল'ব লাগিব প্ৰ-পত্ৰ
৩৯ লাখ মহিলাক ৰাজ্য চৰকাৰে দিব ১০ হাজাৰকৈঃ নিৰ্দিষ্ট এটা দিনতেই ল'ব লাগিব প্ৰ-পত্ৰ

ডিজিটেল ডেস্কঃ ১৮ জানুৱাৰীত অসমত প্ৰৱেশ কৰিব ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছে উলিয়াব লগীয়া ভাৰত জোড়ো ন্যায় যাত্ৰা। আমগুৰি হৈ অসমত প্ৰৱেশ কৰিব এই যাত্ৰা। ঠিক সেইদিনাই উজনি অসমৰ লাখ লাখ মহিলাই অসম চৰকাৰৰ পৰা লাভ কৰিব মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ অধীনত আৰ্থিক অনুদান লাভৰ বাবে প্ৰ-পত্ৰ।

নিৰ্দিষ্ট এটা দিনতেই উপলব্ধ হ'বলগীয়া এই প্ৰ-পত্ৰ সকলো মহিলাই পঞ্চায়তলৈ গৈ নিজেই ল'ব লাগিব। অৱশ্যে ১৮ ডিচেম্বৰত কেৱল উজনি অসমতহে এই অনুদানৰ প্ৰ-পত্ৰ লাভ কৰিব মহিলাসকলে। বাকী অংশৰ মহিলাসকলে ২৫ জানুৱাৰীৰ ভিতৰত পৰৱৰ্তী সময়ত নিৰ্দিষ্ট এটা দিনত লাভ কৰিব এই অনুদানৰ প্ৰ-পত্ৰ।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদ মেলৰ জৰিয়তে ঘোষণা কৰা এই আঁচনিয়ে যে উজনি অসমত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত প্ৰভাৱ পেলাব, মহিলাৰ অংশগ্ৰহণৰ সংখ্যা যে হ্ৰাস কৰিব সেয়া নিশ্চিত।

ইফালে সন্মুখত লোকসভা নিৰ্বাচন। মাজত মাত্ৰ কেইটামান দিন। সম্ভৱতঃ মাৰ্চৰ প্ৰথম সপ্তাহতে ঘোষণা হ'ব নিৰ্বাচনী অধিসূচনা। সেয়ে কেৱল ভাৰত জোড়ো ন্যায় যাত্ৰাই নহয়, নিৰ্বাচনক কেন্দ্ৰ কৰিও এতিয়া অসম চৰকাৰে গ্ৰহণ কৰিছে এই চমক সৃষ্টিকাৰী আঁচনি। আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিছপুৰৰ নিজা কাৰ্যালয়ত এক সংবাদ মেল সম্বোধন কৰি এই নতুন আঁচনিৰ বিষয়ে উল্লেখ কৰিছে।

সেই অনুসৰি ৰাজ্যৰ ৩৯ লাখ মহিলাৰ বাবে প্ৰায় ৪ হাজাৰ কোটি টকা অনুদান হিচাপে আগবঢ়াব ৰাজ্য চৰকাৰে। ইয়াৰোপৰি ৪২ লাখ ৮৫ হাজাৰৰো অধিক লোকক ১৬ জানুৱাৰীত ৰেচন কাৰ্ড প্ৰদান কৰিব অসম চৰকাৰে।

মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ অধীনত মহিলাসকলক আত্মনিৰ্ভৰশীল কৰাৰ উদ্দেশ্যৰে এই অনুদানৰ কথা ঘোষণা কৰি তেওঁ ৰাজ্যৰ আত্মসহায়ক গোটৰ সৈতে জড়িত হৈ থকা ৩৯ লাখ মহিলাক ১০ হাজাৰ টকাকৈ অনুদান আগবঢ়াব। ইয়াৰ বাবে ৩ হাজাৰ ৯০০ কোটি টকা ব্যয় কৰিব।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই উল্লেখ কৰা অনুসৰি ইয়াৰে ৭ লাখ মহিলাই বছৰত লাখ টকাকৈ উপাৰ্জন কৰি আছে। এই ৭ লাখ মহিলাক তেওঁ 'লাখপতি বাইদেউ' হিচাপে অভিহিত কৰিছে।

এই মহিলাসকলে এই অনুদান মুঠ ৩ টা পৰ্যায়ত লাভ কৰিব। প্ৰথম পৰ্যায়ত তেওঁলোকে ব্যৱসায়ৰ পৰিকল্পনা প্ৰস্তুত কৰিব লাগিব। ইয়াৰ পাছতে তেওঁলোকে লাভ কৰিব ১০ হাজাৰ টকা।

ইয়াৰ বাবে চৰাকৰে কেতবোৰ চৰ্তও দাঙি ধৰিছে। এই অনুদান লাভ কৰা অ' বি চি আৰু সাধাৰণ শ্ৰেণীৰ মহিলাসকলৰ ৩ টাতকৈ অধিক সন্তান থাকিব নোৱাৰিব। অৱশ্যে মৰাণ, মটক, চাহ জনগোষ্ঠীয় মহিলাসকলৰ লগতে অনুসূচিত জাতি, জনজাতিয় মহিলাসকলে চাৰিটা সন্তান থাকিলেও এই সুবিধা লাভ কৰিব।

অনুদান লাভ কৰা মহিলাগৰাকীয়ে ব্যৱসায় কৰিবলৈ সময় পাব নে নাই তাকো পৰ্যবেক্ষণ কৰা হ'ব। এই মহিলাসকলে তেওঁলোকৰ ছোৱালী সন্তানক হিতাধিকাৰী হোৱাৰ পূৰ্বেই বিদ্যালয়ত নামভৰ্তি কৰিব লাগিব।

অন্যহাতে হিতাধিকাৰী হোৱাৰ পিছত চতুৰ্থটো সন্তান জন্ম নিদিও বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিব লাগিব। প্ৰথম বছৰ ১০ হাজাৰ টকা লাভ কৰাৰ পিছত দ্বিতীয় বছৰ এই মহিলাসকলে তিনিবছৰৰ বাবে পুনৰ ১২ হাজাৰ ৫০০ টকা সাহায্য লাভ কৰিব। অৱশ্যে ইয়াৰ পূৰ্বে ৰাজ্য চৰকাৰে পৰ্যবেক্ষণ কৰিব। প্ৰথম বছৰ লাভ কৰা ১০ হাজাৰ টকাৰে কি কৰিলে সেয়া দেখুৱাব পাৰিব লাগিব।

এই আঁচনিৰ বাবে অহা ১৮ জানুৱাৰীৰ পৰা ২৫ জানুৱাৰী ভিতৰত অসমৰ প্ৰতিটো পঞ্চায়তত আত্মসহায়ক গোটৰ বাবে প্ৰ-পত্ৰ প্ৰদান কৰা হ'ব। অৱশ্যে ইয়াৰ বাবে চৰকাৰে এটা নিৰ্দিষ্ট দিন ধাৰ্য কৰি দিব। উজনি অসমত ১৮ জানুৱাৰীতেই প্ৰতিটো পঞ্চায়তৰ মহিলাই এই প্ৰ-পত্ৰ লাভ কৰিব।

৩৯ লাখ মহিলাক ৰাজ্য চৰকাৰে দিব ১০ হাজাৰকৈঃ নিৰ্দিষ্ট এটা দিনতেই ল'ব লাগিব প্ৰ-পত্ৰ
ভূমিৰ ভুৱা পঞ্জিয়নৰ গোচৰঃ গুৱাহাটীৰ ৪ টা চক্ৰ বিষয়াৰ কাৰ্যালয়ত ক্ৰাইম ব্ৰাঞ্চৰ অভিযান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in