গৌৰৱ গগৈক শিশুৰ সৈতে তুলনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ...

গৌৰৱ গগৈক শিশুৰ সৈতে তুলনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ...
গৌৰৱ গগৈক শিশুৰ সৈতে তুলনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ...

ডিজিটেল ডেস্কঃ অসমৰ প্ৰথমগৰাকী সাংসদ হিচাপে লোকসভাত প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে যোৱা ২৬ জুলাইত আনাস্থা উত্থাপন কৰাৰ পাছত আজি লোকসভাত আনাস্থা প্ৰস্তাৱ সন্দৰ্ভত হোৱা বিতৰ্কত ভাগ লৈ প্ৰথমেই ভাষণ ৰাখে কলিয়াবৰৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে। লোকসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে আনাস্থা প্ৰস্তাৱৰ কাৰণ বাখ্যা কৰাৰ উপৰিও তেওঁ মণিপুৰ প্ৰসংগত কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰ সমালোচনা কৰাৰ লগতে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীত তীক্ষ্ণ সমালোচনা কৰে।

প্ৰধানমন্ত্ৰী মোডীক এইদৰে লোকসভাত গৌৰৱ গগৈয়ে তীক্ষ্ণ আক্ৰমণ কৰাৰ পাছতে গুৱাহাটীৰ পৰাই দিল্লীৰ সংসদ ভৱনত গৌৰৱ গগৈয়ে কোৱা প্ৰতিটো কথাৰে উত্তৰ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ গৌৰৱ গগৈয়ে তথ্যৰ বিভ্ৰান্তি কৰাৰ অভিযোগ উত্থাপন কৰি শিশু বুলিও কটাক্ষ কৰে।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই সংবাদ মেলত কয়, মণিপুৰত যোৱা ৭৫ বছৰ ধৰি গোষ্ঠীগত সংঘৰ্ষ চলি আহিছে। কংগ্ৰেছ চৰকাৰৰ সময়তো ৰাজ্যখনত এনে সংঘৰ্ষ চলিছিল। এনে গোষ্ঠীগত সংঘৰ্ষৰ ফলতেই ১৯৯০ ত ৩০০, ১৯৯৩ ত ১০০১, ২০১২ ত ১৬৫ গৰাকী লোকৰ মৃত্যু হৈছিল বুলিও মন্তব্য কৰে।

তেওঁ কয়, কংগ্ৰেছৰ কাৰ্যকালত ৰাজ্যখনত সংঘটিত হোৱা এনে গোষ্ঠীগত সংঘৰ্ষৰ সময়ত কোনো কংগ্ৰেছ নেতাই মণিপুৰ ভ্ৰমণ কৰা নাছিল। কেৱল সেয়াই নহয় তেওঁ অসমত সংঘটিত হোৱা গোষ্ঠীগত সংঘৰ্ষ সমূহৰ বিষয়ে উল্লেখ কৰি কয় যে কোকৰাঝাৰত সংঘটিত হোৱা গোষ্ঠীগত সংঘৰ্ষৰ বাহিৰে আন কোনো এটা সংঘৰ্ষৰ সময়তে কংগ্ৰেছে খবৰ নল'লে। তেওঁ নেলীৰ ঘটনাৰ সময়ত তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী ৫ মিনিটৰ বাবে আহিছিল বুলি উল্লেখ কৰি কয় সেই সময় অসমীয়াকে দোষাৰোপ কৰিছিল। চীনে ভাৰত দখল কৰিবলৈ চেষ্টা চলোৱাৰ সময়তো তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে অসম ভ্ৰমণ কৰা নাছিল বুলি উল্লেখ কৰে।

তেওঁ সাংসদ গৌৰৱ গগৈক শিশু বুলি কটাক্ষ কৰি এই কথাবোৰ তেওঁ নাজানে বুলিও উল্লেখ কৰে। ইফালে মণিপুৰত গৃহমন্ত্ৰী অমিত শ্বাহে ৩ ৰাতি কটোৱাৰ কথা উল্লেখ কৰি কয়, মণিপুৰ পৰিস্থিতি সন্দৰ্ভত খবৰ ৰাখি অমিত শ্বাহে পুৱতি নিশা ৩ বজাতো ফোন কৰে।

গৌৰৱ গগৈক শিশুৰ সৈতে তুলনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ...
মৰুভূমি হৈ যাওঁক অসম ! মোডীক দিয়া কথা মতেই হ'ব লাগিব পাম খেতি...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in