কলেজৰ অধ্যক্ষ পৌৰ নিগমৰ কৰ সংগ্ৰহক নহয়- মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

আলোচনী, মহাবিদ্যালয় সপ্তাহৰ নামত লোৱা ৬০০ টকা শীঘ্ৰেই উভতাই দিয়াৰ নিৰ্দেশ

author-image
Asomiya Pratidin
New Update
কলেজৰ অধ্যক্ষ পৌৰ নিগমৰ কৰ সংগ্ৰহক নহয়- মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

কলেজৰ অধ্যক্ষ পৌৰ নিগমৰ কৰ সংগ্ৰহক নহয়- মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

ডিজিটেল ডেস্কঃ ‘মহাবিদ্যালয়ৰ অধ্যক্ষসকল পৌৰ নিগমৰ কৰ সংগ্ৰহক নহয়।‘ ৰাজ্যৰ মহাবিদ্যালয়ৰ অধ্যক্ষসকলক সন্মুখত বহুৱাই এই তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

Advertisment

আজি গুৱাহাটীৰ লোকসেৱা ভৱনত অনুষ্ঠিত হোৱা প্ৰজ্ঞান ভাৰতী আঁচনিৰ ধন বিতৰণৰ অনুষ্ঠানত মহাবিদ্যালয়সমূহত শিক্ষাৰ্থীৰ নামভৰ্তি সম্পূৰ্ণ বিনামূলীয়া কৰাৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই আলোচনী, কলেজ সপ্তাহৰ নামত শিক্ষাৰ্থীৰ পৰা ৬০০ টকাকৈ সংগ্ৰহ কৰাৰ সন্দৰ্ভত অধ্যক্ষসকলক সকিয়নি প্ৰদান কৰিছে। তেওঁ মহাবিদ্যালয়ত শিক্ষাৰ্থীৰ নামভৰ্তি বিনামূলীয়া মানে সম্পূৰ্ণ বিনামূলীয়াই হ’ব লাগিব বুলিও কয়।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই মহাবিদ্যালয়সমূহত শিক্ষাৰ্থীৰ নামভৰ্তিৰ সময়ত ৬০০ টকা লোৱাৰ প্ৰসংগত কয়, মহাবিদ্যালয়ৰ অধ্যক্ষসকললৈ মোৰ এটা অনুৰোধ, আপোনালোকে জানে মহাবিদ্যালয়ত আমি বিনামূলীয়া নামভৰ্তি কৰোঁ। তাৰ পাছতো আমি শিক্ষাৰ্থীৰ লগত কিয় যুঁজ, বাগৰ কৰি থাকিব লাগে? আৰু এটা ৬০০ টকা কিয় শিক্ষাৰ্থীৰ পৰা ল’ব লাগে? লাগিলে সেই ৬০০ টকা মোক খোজক।

তেওঁ পুনৰ কয়, আপোনালোকে শিক্ষাৰ্থীৰ নামভৰ্তিৰ সকলো ব্যৱস্থাই বিনামূলীয়া কৰক। প্ৰয়োজন হ’লে তেওঁলোকৰ নামভৰ্তি চৰকাৰে বিনামূলীয়া কৰিছে বুলি ক’ব নালাগে, তেওঁৱেই সেই ব্যৱস্থা কৰিছে বুলি কওঁক। তেতিয়াহে অধ্যক্ষ আৰু ছাত্ৰৰ মাজৰ সম্পৰ্ক উন্নত হ’ব। কিন্তু আপোনালোকে আলোচনী উলিয়াবলৈ, মহাবিদ্যালয় সপ্তাহ পাতিবলৈ ৬০০ টকা এটা তেওঁলোকৰ ওপৰত লগাই দিয়ে।

মঙ্গলবাৰে পূব বংশ মহাবিদ্যালয়ৰ অধ্যক্ষক তেওঁ নিজেৰ উদ্যোগতে নিলম্বন কৰাৰ কথা উল্লেখ কৰি মহাবিদ্যালয়ৰ অধ্যক্ষসকলক বুজাই থকাৰ প্ৰয়োজন নাই বুলিও কয়। তেওঁ কয় যে, কলেজৰ অধ্যক্ষ এজনক বুজোৱাৰ মোৰ সাহস আছে নেকি? মই নিয়ম আৰু আইন কাৰ্যকৰী কৰোঁ। বুজোৱাৰ অধিকাৰ মোৰ ক’ত আছ? মই বুজালে তেওঁ কিয় বুজিব? আমাৰ বুজোৱাৰ কাম নহয়, বুজনি লোৱাটোও আপোনালোকৰ কাম নহয়।

ইয়াৰোপৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই অধ্যক্ষসকলৰ স্বজনতোষণৰ বাবেই চৰকাৰক বিপদত নেপেলাব বুলিও কয়। তেওঁ অধ্যক্ষসকসক নিৰ্দেশ দি কয়, শিক্ষাৰ্থীৰ পৰা যি ৬০০ টকা লৈছিল সেই টকা উভতাই দিয়ক। বিনামূলীয়া নামভৰ্তিৰ পইচাও আমি আপোনালোকক ৩০ ছেপ্টেম্বৰৰ ভিতৰত মুকলাই দিম। শিক্ষাৰ্থীৰ পৰা কোনো কাৰণতে পইচা নল’ব। তেওঁ শিক্ষাৰ্থীৰ পৰা সৰস্বতী পূজাৰো মাচুল নল’বলৈ অধ্যক্ষসকলক নিৰ্দেশ প্ৰদান কৰে।

Also Read: PRC বিৰ্তকঃ নিৰ্দেশনা প্ৰত্যাহাৰ শিক্ষামন্ত্ৰীৰ, ক্ষুব্ধ মুখ্যমন্ত্ৰীৰ সঞ্চালকালয়ৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ...

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা